Begin typing your search above and press return to search.
বড়োলেণ্ডৰ বাবে সুকীয়া শিক্ষা আচঁনিৰ দাবী বড়ো সাহিত্য সভাৰ

বড়ো সাহিত্য সভাই বড়োলেণ্ডৰ বড়ো মাধ্যমৰ বিদ্যালয় সমূহৰ বাবে সুকীয়াকৈ শিক্ষা আচঁনিৰ দাবী কৰে।বড়ো সাহিত্য সভাই বিটিচিৰ চাৰিখন জিলাৰ প্ৰশাসনৰ উদ্যোগত জুলাইৰ ১১তাৰিখৰ পৰা ৩০ তাৰিখলৈ "শিক্ষক সন্মিলন"নামৰে এখন সজাগতা সভাৰ আয়োজন কৰে।
বড়ো সাহিত্য সভা আৰু বড়োলেণ্ডৰ শিক্ষা বিভাগৰ নিৰীক্ষণত গম পোৱা গৈছে যে বৃহৎ সংখ্যক বড়ো মাধ্যমৰ বিদ্যালয়ে অসংখ্য সমস্যাৰ সন্মুখীন হৈ আছে।উক্ত সভা খনত উপস্থিত থাকি বড়ো সাহিত্য সভাৰ সাধাৰন সম্পাদক প্ৰশান্ত বড়োই মত প্ৰকাশ কৰে যে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী মাজৰ সমন্বয়ৰ দোল ডাল দিনক দিনে কমি অহাৰ পৰিলক্ষিত হৈছে,সেয়েহে বিদ্যালয় সমূহে অসংখ্য সমস্যাৰ সন্মুখীন হোৱাৰ ফলত উন্নতিৰ জখলাত বগাবলৈ সক্ষম হোৱা নাই।
Next Story