Begin typing your search above and press return to search.

বৰাকত প্ৰধান মন্ত্ৰীৰ জনসভা বিফল কৰাৰ বাবে শৰযন্ত্ৰ

বৰাকত প্ৰধান মন্ত্ৰীৰ জনসভা বিফল কৰাৰ বাবে শৰযন্ত্ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Jan 2019 11:06 AM GMT

কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত যিমানেই সমালোচনাৰ অগ্নি নজলাওক কিয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী সেই সমালোচনাৰ অগ্নিত নিজকে পুৰি ক্ৰমে অধিক শক্তিশালী ৰূপতহে আত্মপ্ৰকাশ কৰিছে।মোডীয়ে অলপতে ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠী এনআইৰ আগত দেশৰ জলন্ত বিষয় সমূহৰ ওপৰত দিয়া সাক্ষাৎকাৰৰ পিছত বিৰোধি কংগ্ৰেছ আৰু অধিক আক্ৰমণাত্মক হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত। ৰাফেল বিতৰ্ক আৰু মন্দিৰ বিতৰ্ক লৈ প্ৰধান মন্ত্ৰীৰ ওপৰত ব্যক্তিগত পৰ্য্যয়লৈ আক্ৰমণ কৰিছে কংগ্ৰেছে।

অসমতো প্ৰদেশ কংগ্ৰেছে প্ৰধানমন্ত্ৰীৰ বিৰোধী শক্তি সমূহক একগোট কৰিবলৈ চেষ্টা কৰি আছে। শুক্ৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৰাকৰ শিলচৰত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰিব। এই জনসভাখন উত্তৰ-পূৰ্বাঞ্চলত এতিয়ালৈ অনুষ্ঠিত বিশাল জনসভা ৰূপে পৰিণত কৰিবলৈ উদ্যোক্তা সমিতিয়ে সৰ্বপ্ৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে, কিন্তু নৰেন্দ্ৰ মোডীৰ জনসভাৰ প্ৰাক ক্ষণত প্ৰধান মন্ত্ৰ গৰাকী কাছাৰ কাগজ কলৰ কৰ্মচাৰী আৰু শ্ৰমিক সকলৰ প্ৰতিবাদৰ সন্মুখিন হব পাৰে। সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি কাগজ কলৰ কৰ্মচাৰীৰ লগতে বিৰোধি ৰাজনৈতিক দলৰ সদস্য সকলেও প্ৰধানমন্ত্ৰীয়ে ৰামনগৰলৈ যোৱা পথত প্ৰতিবাদ সাব্যস্ত কৰাৰ সম্ভাবনা আছে। কাগজ কলটো পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত প্ৰধান মন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে, প্ৰতিবাদত বিশাল সংখ্যক মহিলাও অংশ গ্ৰহণ কৰিব বুলি এক বিচক্ষণ সূত্ৰৰ পৰা খবৰ পোৱা গৈছে।

উল্লেখ্য যে নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল দুটা বিগত দুবছৰ ধৰি বন্ধ হৈ আছে আৰু কাগজ কল দুটাত কৰ্মৰত শ্ৰমিক সকলে এই দুবছৰ ধৰি কোনো ধৰণৰ দৰমহা পোৱা নাই। বিজেপি দলে এয়া প্ৰধান মন্ত্ৰীৰ জনসভাত অপ্ৰীতিকৰ পৰিস্থিতি সৃস্তি বাবে কংগ্ৰেছে কৰা শৰযন্ত্ৰ হিচাপে অভিহিত কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ কাছাৰ জিলাৰ সভাপতি কৌশিক ৰয় আৰু আন দলীয় কৰ্মকৰ্তাই সংবাদ মেল সম্বোধন কৰি কয় যে কংগ্ৰেছ দলে কাগজ কলৰ কৰ্মী সকলক প্ৰধান মন্ত্ৰীৰ ভ্ৰমণৰ সময়ত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ইন্ধন যোগাইছে। ৰয়ে কয় যে কাগজ কলৰ কৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰাতকৈ প্ৰধান মন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰাটো বেছি গ্ৰহণ যোগ্য হব। কৌশিক ৰয়ে আকৌ কয় যে তেওঁলোকৰ ফালৰ পৰাও প্ৰধান মন্ত্ৰীক অসমৰ বন্ধ হৈ থকা দুয়োটা কাগজ কল পুনৰ মুকলি কৰাৰ বাবে স্মৰকপত্ৰ প্ৰদান কৰিব।

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাগজ কল পুনৰুজ্জীৱন সমিতিৰ বিষয়ববীয়া লগত পাঞ্চগ্ৰাম ভ্ৰমণৰ সময়ত তেওঁক লগ কৰি কাগজ কল পুনৰ মুকলি কৰাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰা বুলি উল্লেখ কৰে কাছাৰ জিলাৰ সভাপতি গৰাকীয়ে। কংগ্ৰেছ দলৰ লগত সম্পৰ্ক থকা বহু নেতা-কৰ্মীয়ে কাছাৰ কাগজ কলক লৈ সস্তীয়া ৰাজনীতি কৰা বুলিও সমালোচনা কৰে কৌশিক ৰয়ে। কাছাৰ জিলাৰ বিজেপি সবাপতি গৰাকীয়ে আকৌ কয় যে কংগ্ৰেছৰ দিনৰে এজন প্ৰভাৱশালী কেন্দ্ৰীয় মন্ত্ৰীৰ নামো কাগজ কলটো বন্ধ হোৱাৰ সৈতে জড়িত হৈ আছে। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই ক্ষেত্ৰত চিবিআই তদন্ত ঘোষণা কৰিছে আৰু কিছু দিন পিছতে সমগ্ৰ ঘটনাৰ আচল ৰূপ পোহৰলৈ আহিব। বৰাকৰ জনসাধৰণৰ মনত কোন আচলতে কাগজ কল বন্ধ হৈ থকাৰ বাবে জগৰীয়া সেই কথা এতিয়াও স্পষ্ট হৈ আছে। কৌশিক ৰায় আৰু আন জিলা সমিতিৰ কৰ্মকৰ্তা সকলে নৰেন্দ্ৰ মোডীৰ জনসভাক সাফল্যমণ্ডিত কৰিবলৈ উঠিপৰি লাগিছে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story