Begin typing your search above and press return to search.

ভাৰতীয় জনতা পাৰ্টি আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত জাতীয় সংঘাতৰ চেষ্টা কংগ্ৰেছৰ: ৰঞ্জিত দাস

ভাৰতীয় জনতা পাৰ্টি আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত জাতীয় সংঘাতৰ চেষ্টা কংগ্ৰেছৰ: ৰঞ্জিত দাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Jan 2019 1:01 PM GMT

"ভাৰতীয় জনতা পাৰ্টি (BJP) আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত জাতীয় সংঘাতৰ চেষ্টা কংগ্ৰেছৰ। আছুৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদ স্থলিত কংগ্ৰেছ কৰ্মীয়ে সদৌ অসম ছাত্ৰ সন্থাৰ ভাৱমুৰ্তি ম্লান কৰাৰ প্ৰচেষ্টা কৰিছে" এই যুক্তি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ।মঙ্গল বাৰে বিজেপি কাৰ্যালয়ত হোৱা এক সংবাদমেলত ৰঞ্জিত দাসে ব্যক্ত কৰে যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত দেওবাৰে নলবাৰীত সংঘটিত হোৱা ঘটনাত আছু কৰ্মীৰ মাজত সোমাই কংগ্ৰেছ কৰ্মীয়ে উদণ্ড পৰিস্থিতিৰ সৃষ্টি কৰিছে ।

নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ খনিন লহকৰ, নলবাৰী বিধান সভা সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি জ্ঞানদীপ কলিতা, নলবাৰী বিধানসভা সমষ্টি যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মইনুল ইছলাম, ভাগৰাপাৰ ব্লক কংগ্ৰেছৰ প্ৰচাৰ সম্পাদক আব্দুল আলি, নলবাৰী জিলা কংগ্ৰেছৰ উপ সভাপতি শৰৎ কলিতাকে ধৰি আটাই কেইজনলৈ ৰঞ্জিত দাসৰ গুৰুতৰ অভিযোগ তুলি কয় যে তেওঁলোকে প্ৰথমে প্ৰতিবাদ স্থলিত শিল গুটি নিক্ষেপ কৰে আৰু আছু কৰ্মীৰ মাজত সোমাই লাঠিৰে আক্ৰমণ কৰে। সদৌ অসম ছাত্ৰ সন্থা আৰু ভাৰতীয় জনতা দলৰ মাজত সংঘাত সৃষ্টি কৰিৱলৈ কংগ্ৰেছৰ এই প্ৰচেষ্টা বহু দিনৰ পৰাই বৰ্তি আছে বুলি উল্লেখ কৰে ৰঞ্জিত দাসে। সেইবাবে নাগৰিকত্ব সংশোধনী বিধেয়কৰ মূল বিৰোধিতা কৰা আছুলৈ সাৱধানতা অৱলম্বনৰ আহ্বান জনাই ৰঞ্জিত দাসে কয় বৰ্তমান কংগ্ৰেছে অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰিছে।

কিন্ত সম্প্ৰতি অসমত কিয় অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হৈছে সেয়া সকলোৰে দৃষ্টান্ত।নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগত ৰঞ্জিত দাসৰ স্পষ্ট মন্তব্য এই বিলখন তেওঁলোকে গৃহীত কৰিব। অসমৰ ৰাইজৰ অপ্ৰাণ দাবী আৰু হাজাৰ প্ৰতিবাদক নেওচি নাগৰিকত্ব সংশোধনী বিধেয়ক বিল গৃহীত কৰিবলৈ সাজু ভাৰতীয় জনতা পাৰ্টি। আনহাতে ৫ নং দফাতকৈ ৬ নং দফাৰ গুৰুত্ব অধিক বুলিও উল্লেখ কৰে দাসে।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি