১৯৩৩চনৰ আজিৰ দিনটোত অৰ্থাৎ ৮ছেপ্তৰম্বৰত জন্ম গ্ৰহন কৰা ভাৰতীয় অন্যতম কিংবদন্তি কণ্ঠশিল্পী আশা ভোচলেৰ ৮৫সংখ্যক জন্মদিন।মহাৰাষ্ট্ৰত জন্ম লোৱা আশাক সকলোৱে হিন্দী ছবিৰ শ্ৰেষ্ঠ প্লে বেক গায়িকা তথা হিচাপে জনপ্ৰিয়।তেওঁ এগৰাকী প্লে বেক গায়িকা হোৱাৰ লগতে ভকেলিষ্ট।
১৯৪৩চনত আশা ভোচলেই কেৰিয়াৰ তথা জীৱন আৰম্ভ কৰি হাজাৰ খন ছবিত তেওঁ নিজৰ কণ্ঠ প্ৰদান কৰিছিল আৰু মানুহৰ মন জয় কৰিবলৈ বিশেষ ভাৱে সক্ষম হৈছিল।ইয়াৰ উপৰিও তেওঁ নিজে নিজৰ প্ৰাইভেট তথা ব্যক্তিগত গীতৰ এলবাম মুকলি কৰাৰ লগতো ভাৰত আৰু বিদেশতি বিভিন্ন ঠাইত মঞ্চত(কনচাৰ্ট) গীত পৰিৱেশন কৰিছিল।আশা ভোচলেৰ নিজৰ ভগ্নী সকলোৰে পৰিচিত লতা মংগেশকাৰো এগৰাকী শ্ৰেষ্ঠ প্লে বেক গায়িকা।
আশা ভোচলে কেৱল বলীউদ তথা হিন্দী ছবিতে নহয় কণ্ঠ দিয়াই নহয় তেওঁ পপ মিউজিক,গজল,ভজন,পৰম্পৰাগত ভাৰতীয় ক্লাছিকেল মিউজিক,লোকসংগীত আৰু ৰবীন্দ্ৰ সংগীততো খিতাপ অৰ্জন কৰিছিল।ইয়াৰ উপৰিও আশাই হিন্দীৰ বাহিৰে ২০টা ভাৰতীয় আৰু বিদেশী ভাষাত গীত গাইছে।২০০৬ চনলৈ তেওঁ মুঠ ১২,০০০গীতত কণ্ঠ দিছিল।সংগীত জগতত সৰ্বোচ্চ গীত গোৱাৰ বাবে ২০১১ চনত গীনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰিছিল আশা ভোচলেই।ভাৰত চৰকাৰৰ তৰফৰ পৰা এইগৰাকী চিৰসেউজ কণ্ঠশিল্পী লৈ দাদাচাহেব ফ্লাকে বটাঁ আৰু ২০০০চনত পদ্ম বিভূষন বটাঁ পাবলৈ সক্ষম হয়।
শেষত এইগৰাকী শুৱলা কণ্ঠৰ অধিকাৰী কণ্ঠশিল্পীলৈ জন্মদিনৰ অশেষ শুভকামনা থাকিল।