ভাৰতীয় ছবি "সঞ্জু", "নিউটন", "গালি গুলিয়া", ছবি কেইখন অষ্ট্ৰেলিয়ান একাডেমি চিনেমা আৰু টেলিভিছন আৰ্টচলৈ শ্ৰেষ্ঠ এচিয়ান ছবি হিচাপে মনোনীত হৈছে ।
ওপৰত উল্লেখিত বলীউদ তথা ভাৰতীয় ছবি কেইখনে চাউথ কোৰিয়া ১৯৮৭ৰ 'হোৱেন দ্যা ডে' কামচ', 'দ্যা বল্ড', 'দ্যা কৰাপ্ট' আৰু 'দ্যা বিউটিফুল ফ্ৰম টাইৱান', 'চাইনাচ ডায়িং টু চাৰভাইব এণ্ড ইউথ', জাপানিজ ফিল্ম 'চফলিফটাৰ্চ আৰু 'টমবিৰ্ৰো ফ্ৰম মালেচিয়া' এইকেইখন ছবিৰ সৈতে মুখামুখি হ'ব ।
শ্ৰেষ্ঠ এচিয়ান ফিল্ম বটাঁ যিখন ছবিয়ে লাভ কৰিব সেই খন ছবিক অস্কাৰ বটাঁ প্ৰাপ্ত আৰু বহু পুৰস্কাৰে সন্মানিত এ এফ আই আৰু এ এ চি টি এ বটাঁ পাবলৈ সক্ষম হোৱা অভিনেতা ৰুচেল গ্ৰইয়ে ২০১৮ ৰ শ্ৰেষ্ঠ এচিয়ান ছবি গ্ৰেণ্ড জুৰী হিচাপে বিচাৰকৰ আসনত থাকি বটাঁ প্ৰদান কৰিব ।ইয়াৰোপৰি অনুষ্ঠান খনত ভাৰতীয় অভিনেতা অনুপম খেইৰ,শ্বাবানা আজমি আৰু অষ্ট্ৰেলিয়ান ফিল্ম ক্ৰিটিক,প্ৰযোজক আৰু প্ৰস্তুতা মাৰ্গৰেট পোমেৰাঞ্জ উপস্থিত থাকিব ।