Begin typing your search above and press return to search.

ভাৰতীয় চাহ বৰ্ডত অন্তৰ্ভূক্ত ন’হল ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ প্ৰতিনিধি

ভাৰতীয় চাহ বৰ্ডত অন্তৰ্ভূক্ত ন’হল ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ প্ৰতিনিধি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 March 2019 7:19 AM GMT

অসমৰ চাহৰ জনপ্ৰিয়তাৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ৷ দেশত চাহ উৎপাদনৰ ক্ষেত্ৰত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ অৱদান অসীম ৷কিন্ত আশ্চৰ্য্যজনক ভাবে সম্প্ৰতি ভাৰতৰ নতুনকৈ গঠিত চাহ বৰ্ডত ক্ষুদ্ৰ চাহখেতিয়কসকলে প্ৰতিনিধিত্ব কৰিবলৈ নাপালে ৷ কেন্দ্ৰীয় বানিজ্য মন্ত্ৰ্যালয়ৰ এক অধিকাৰিক অধিসূচনাৰ মাধ্যমত ৯ মাৰ্চত এখন নতুন চাহ বৰ্ড গঠন কৰা হয় ।অসমৰ চাহ মজদূৰ সংঘৰ সাধাৰণ সম্পাদক ৰুপেশ গুৱালা আৰু ভাৰতীয় মজদূৰ সংঘৰ কাৰ্যালয়ৰ সুনীল কিৰবইক নতুন বৰ্ডত অন্তৰ্ভুক্ত কৰা হয় ।

ইফালে এক তথ্য অনুসৰি বিগত মাহত ভাৰতীয় চাহ বৰ্ডে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰ্যালয়ক পত্ৰৰ জৰিয়তে ভাৰতৰ ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থা আৰু সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ প্ৰতিনিধিসকলক নতুনকৈ গঠিত বৰ্ডখনত অন্তৰ্ভূক্ত কৰাৰ কাৰণে অনুৰোধ কৰিছিল ৷এই ক্ষেত্ৰত চাহ বৰ্ডৰ এগৰাকী বিষয়াই কয় যে,আমি আশা কৰিছিলোঁ যে কেন্দ্ৰীয় বানিজ্য মন্ত্ৰ্যালয়ে আমাৰ অনুৰোধক ইতিবাচক হিচাপে গ্ৰহণ কৰিব। কিন্তু আমি এই ক্ষেত্ৰত কোনো সহায় কৰিব নোৱাৰিম। কাৰণ এইয়া চৰকাৰৰ সিদ্ধান্ত ৷

অন্যহাতে, চাহৰ বিকাশত নিৰাশাজনক অৱস্থিতিলৈ লক্ষ্য কৰি ভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ সংস্থাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰ্যালয়ক এখন পত্ৰৰ জৰিয়তে নতুনকৈ গঠিত কমিটীখনত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সংস্থাৰ প্ৰতিনিধিক অন্তৰ্ভূক্ত কৰিবলৈ আহ্বান কৰিব ৷ তেওঁলোকে ১৬ মাৰ্চত শিলিগুৰিত হ’বলগীয়া ৰাষ্ট্ৰীয় কাৰ্যকৰণী সভাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ কৰিব ৷ভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ এজন পদাধিকাৰীয়ে কয় যে,ক্ষুদ্ৰ চাহ খেতিয়ক সকলে দেশত প্ৰায় ৫০ শতাংশ চাহ উৎপাদন কৰে৷ইয়াৰ পিছতো ভাৰতীয় চাহ বৰ্ডত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ প্ৰতিনিধিক অন্তৰ্ভুক্ত নকৰাটো এটা আশ্চৰ্য্যজনক কথা ৷

এই ক্ষেত্ৰত এক বৃহৎ লবী জৰিত থকাৰ কথা প্ৰকাশ কৰে ভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাৰ পদাধিকাৰীয়ে ৷ সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ সংস্থাই কয় যে ৰাজ্যখনত ১.৪ লাখতকৈ অধিক চাহ উৎপাদক আছে ৷ গতিকে এই ক্ষেত্ৰত ভাৰতীয় টী বৰ্ডত কোনো প্ৰতিনিধি অন্তৰ্ভুক্ত নোহোৱাতো দুখজনক ।উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিগত মাহত কৈছিল যে,ৰাজ্যত উন্নতমানদণ্ডৰ চাহ উৎপাদন কৰিবলৈ আৰু বিশ্বৰ বজাৰত চাহক অগ্ৰাধিকাৰ দিবলৈ পদক্ষেপ হাতত ল’ব ৷ গতিকে অনাগত দিনত মুখ্যমন্ত্ৰী সোনোৱালৰ এই মন্তব্য বাস্তৱত ৰূপায়িত হ’ব নে? সেয়া হব লক্ষ্যনীয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি