ৰাজ্যপাল জগদীশ মুখীয়ে দক্ষিণ শালমৰাৰ মানকাচৰ অঞ্চলৰ ভাৰত-বাংলা পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।ৰাজ্যপাল গৰাকীয়ে শালমৰাৰ গৰাখহনীয়া অঞ্চল সমূহ পৰিদৰ্শন কৰি স্থানীয় লোকসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়। তেওঁ সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান সকলক ভালদৰে পহৰা দিবৰ বাবে আহ্বান জনাই যাতে কোনো বাংলাদেশী অবৈধ নাগৰিক অসমত প্ৰৱেশ কৰিব নোৱাৰে।মুখীয়ে দক্ষিণ শালমৰা মানকাচৰৰ উপায়ুক্ত আটিকা চুলতানাৰ লগতে বিভিন্ন বিভাগ সকলৰ শীৰ্ষ বিষয়া সকলৰ লগত এখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰে।সভাত চৰকাৰৰ আঁচনি সমূহৰ সঠিক ৰূপায়ন আৰু বাংলাদেশী সমস্যাৰ বিষয়ে আলোচনা কৰে।
Begin typing your search above and press return to search.