Begin typing your search above and press return to search.

ভেৰগাঁওত উপ-কোষাগাৰ কাৰ্য্যালয় উদ্বোধন

ভেৰগাঁওত উপ-কোষাগাৰ কাৰ্য্যালয় উদ্বোধন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 10:01 AM GMT

উদালগুৰি জিলাৰ টংলাৰ ভেৰগাঁওত এক উপ-কোষাগাৰ কাৰ্য্যালয় উদালগুৰি জিলাৰ উপায়ুক্ত দিলীপ কুমাৰ দাসৰ উপস্থিতিত ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰি বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে উদ্বোধন কৰে।কাৰ্য্যসুচীৰ উদ্বোধনী ভাষন প্ৰদান কৰে ভেৰগাঁও মহকুমাৰ মহকুমাধিপতি দিথাকাণ্ড হাজৰিকাই,মহকুমধিপতি গৰাকীয়ে তেওঁৰ ভাষণত কয় যে ভেৰগাঁওৰ মহকুমাধিপতিৰ কাৰ্য্যালয় আন্তগাঁথনি অতি শোচনীয় হোৱাৰ লগতে উপ-কোষাগাৰ কাৰ্য্যালয়ৰ নিৰ্মানৰ বিষয়টো বহুত দিনীয়া দাবী আছিল।বিটিচিৰ উপ-মুখপাত্ৰ নেৰচন বড়োৰ সভাপতিত্বত অনুস্থিত হোৱা অনুস্থানত কলাইগাঁও সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো,পেনাৰী সমষ্টিৰ বিধায়ক কামালি বসুমতাৰী উপস্থিত থাকি ভাষণ কৰে।এই উপ-কোষাগাৰ জড়িয়তে ভেৰগাঁও মহকুমাৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী সকলৰ লগতে চৰকাৰী কৰ্মচাৰী সকল বহুখিনি উপকৃত হব বুলি জানিবলৈ দিয়ে।বিটিচি উপ-মুখপাত্ৰ নেৰচন বড়োয়ে তেঁওৰ ভাষণত উপ-কোষাগাৰ কাৰ্য্যালয় নিৰ্মানৰ বাবে আগভাগ লোৱাৰ বাবে উদালগুৰি জিলাৰ বিধায়ক সকলৰ লগতে মন্ত্ৰী ৰিহন দৈমাৰীক ধন্যবাদ প্ৰদান কৰে।জনস্বাস্থ্য কাৰিকৰি বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে তেঁওৰ ভাষণত কয় যে কাৰ্য্যালয়টো নিৰ্মানৰ বাবে চৰকাৰৰ অৰ্থনৈতিক সমস্যাৰ বাবে হোৱা নাছিল।১ ডিচেম্বৰৰ পৰা উপ-কোষাগাৰটোৰ কাৰ্য্যসুচী আৰম্ভ হব।অনুস্থানত ভেৰগাঁও মহকুমাৰ গন্য-মান্য ব্যক্তি সকলৰ লগতে বহুসংখ্যক সাধাৰন ৰাইজ উপস্থিত থাকে।

Next Story
চাকৰি