Begin typing your search above and press return to search.

ভোটাৰত আকৰ্ষিত কৰিবলৈ বঙাইগাঁও প্ৰশাসনৰ মোবাইল এপ মুকলি

ভোটাৰত আকৰ্ষিত কৰিবলৈ বঙাইগাঁও প্ৰশাসনৰ মোবাইল এপ মুকলি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 April 2019 11:43 AM GMT

ভোটাৰক বিশেষকৈ প্ৰথম ভোটাৰক আকৰ্ষিত কৰিবলৈ বঙাইগাঁও জিলা প্ৰশাসনে এটা মোবাইলৰ এপ মুকলি কৰিছে । লোকসভা নিৰ্বাচনত প্ৰথম ভোটাৰক তেওঁলোকৰ প্ৰথম ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত আকৰ্ষিত কৰিবলৈ এই এপটো মুকলি কৰা হয় ।

এই মোবাইল এপটোত এটা "সংকল্প " শীৰ্ষক ভিডিঅ সন্নিবিষ্ট কৰা হৈছে | কেনেকৈ ইভিএম ব্যবহাৰ কৰা হয় সেই সন্দৰ্ভত অবগত কৰাবলৈ চেষ্টা কৰা হয় । এই এপৰ যোগেদিয়ে ভোটাৰে নিৰ্বাচনী নীতি সমুহো চাব পাৰিব ।

বঙাইগাঁও জিলা উপায়ুক্ত আদিল খানে প্ৰকাশ কৰে যে এই এপৰ জৰিয়তে বঙাইগাঁওৰ যুৱ প্ৰজন্মৰ মাজত সজাগতা বৃদ্ধি কৰিব আৰু আগন্তুক লোকসভা নিৰ্বাচনত তেওঁলোকে ভোট দান সাব্যস্ত কৰিব।জিলা উপায়ুক্তৰ অধিনত এন আই চি অভিযন্তা সকলে এই মোবাইল এপটো ডিজাইন কৰিছিল ।

এই এপটো সৰ্বাধিক লোকৰ মাজলৈ লৈ যোৱাত সহায় কৰিব বুলি প্ৰকাশ কৰে বিষয়ায়ে প্ৰকাশ কৰে। লগতে প্ৰকাশ কৰে এই এপটো যথেষ্ট আকৰ্ষনীয় আৰু দুটা যোগাযোগ টুলৰ দ্বাৰা এই এপটো পৰিচালত হব আৰু তেওঁলোকে প্ৰায় ১ লাখ লোকে ডাউনলোড কৰিব বুলি ধাৰণা কৰিছে বুলি প্ৰকাশ কৰে।

জিলা নিৰ্বাচনী বিষয়ায়ে প্ৰথম ভোটাৰ সকলক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ব্যক্তিগত ভাৱে আহ্বান জনাইছে । জিলা নিৰ্বাচনী নীতি লগত সংস্থাপন ৰাখি এই এপটো ডিজাইন কৰিছিল বুলি প্ৰকাশ কৰে । জিলা উপায়ুক্তয়ে লগতে প্ৰকাশ কৰে যে এই এপত দুটা কমিউনিকেচন চিষ্টেম আছে আৰু ইয়াৰ যোগেদি নিৰ্বাচনী পদক্ষেপ সমুহৰ লগতে ব্যবহাৰকাৰী সকলে তেওঁলোকৰ মতামত প্ৰেৰণ কৰিব পাৰিব ।

বঙাইগাঁও জিলাত ১.৭ লাখ ভোটাৰৰ ভিতৰত ১১.০০০ প্ৰথম ভোটাৰ আছে। তৃতীয় পৰ্যায় নিৰ্বাচন অৰ্থাৎ ২৩ এপ্ৰিলত বঙাইগাওঁত ভোট গ্ৰহণ অনুষ্ঠিত হব ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি