প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোতে বহু বিসংগতিয়ে জ্বলা কলা খুৱাইছে সাধাৰণ ভোটাৰক।কামৰূপ জিলাৰ ২১ নং প্ৰাগজ্যোতিষপুৰ জিলা পৰিষদৰ আমচং গাওঁ পঞ্চায়তৰ ৮ নং আৰু ৯ নং ৱাৰ্ডৰ প্ৰাগজ্যোতিষপুৰ জুনিয়ৰ কলেজ আৰু প্ৰাগজ্যোতিষপুৰ প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশৰ।
ভোটাৰ তালিকাত নাম নোহোৱাকলৈ সৃষ্টি হয় এই পৰিৱেশৰ। ৰাতিপুৱাৰ পৰাই ভোটদানৰ বাবে শাৰী পতাৰ পিছত ভোটাৰ তালিকাত নাম নোহোৱা বুলি গ'ম পোৱাৰ লগে লগে ক্ষোভৰ উদগীৰণ ঘটে ভোটাৰ ৰাইজৰ মাজত।
২১নং প্ৰাগজ্যোতিষপুৰ জিলা পৰিষদ সমষ্টিৰ আমছাং গাওঁ পঞ্চায়তৰ ৮নং ৱাৰ্ডত নাম নাই ৩১৬গৰাকী ভোটাৰৰ আৰু ৯নং ৱাৰ্ডত নাম নাই ১৩৫গৰাকীৰ ৷
স্থানীয় ৰাইজে বছৰ বছৰ ধৰি ভোট দি অহাৰ পিছতো হঠাৎ নিজৰ নাম নোহোৱাত উচিত তদন্তৰ দাবী কৰে ভূক্তভোগী ৰাইজে। চৰকাৰ আৰু ৰাজ্যিক নিৰ্বাচন আয়োগক ভোট দানৰ পৰা বঞ্চিত সকলে কাণ্ডজ্ঞানহীন আখ্যা দি সমালোচনা কৰে।আজি বিয়লি ৩ বজাত ৰাজ্যত প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ সামৰণি পৰে।
অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি