Begin typing your search above and press return to search.
মহানগৰৰ তিনিখন হোটেল সাময়িকভাৱে বন্ধ কৰাৰ নিৰ্দেশ

খাদ্য সুৰক্ষা বিভাগৰ আয়ুক্তৰ নিৰ্দেশত এনফৰ্চমেন্ট বিষয়াই মহানগৰীৰ তিনিখন হোটেল আৰু ৰেষ্টোৰেন্ট তিনিদিনৰ বাবে বন্ধ কৰি দিছে।বিষয়া সকলে পল্টন বজাৰত অভিযান চলাই অস্বাস্থ্যকৰ পৰিবেশত গ্ৰাহকক খাদ্য প্ৰস্তুত কৰি যোগান ধৰা তিনিখন হোটেল তিনিদিনৰ কাৰনে বন্ধ কৰি ৰান্ধনীশাল সমূহ চাফা কৰিবলৈ নিৰ্দেশ দিছে।বন্ধ কৰি দিয়া হোটেল কেইখন হৈছে ৰাজা হোটেল এন্ড ৰেষ্টোৰেন্ট,কামাখ্যা হোটেল আৰু গ্ৰীণ ভিউ' হোটেল।আৰ জি বৰুৱা পথত থকা কৰিম নামৰ অভিজাত হোটেলখনৰ বিৰুদ্ধে পাঞ্জাবাৰীৰ এটা পৰিয়ালে দিচপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।কঙ্কনা মেধি নামৰ মহিলা গৰাকীয়ে অনুসন্ধান কৰি গম পালে যে হোটেল খাদ্য সুৰক্ষা বিভাগত পঞ্জীয়ন নাছিল।মেধিয়ে কয় যে তেওঁলোকে খাদ্য গ্ৰহনৰ পাছত কোনো জিএছটি নোলোৱাকে কেচ মেমো দিওতে তেওঁৰ সন্দেহ হৈছিল বুলি কয়।
Next Story