বৰদিন আৰু প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম দিনৰ শুভক্ষণত দেশ তথা অসমবাসীৰ কাৰণে মুকলি হ’ল বগীবিল দলং ৷ বগীবিল দলঙৰ শুভক্ষণত দেশ বাসীক সম্বোধন কৰি কাৰেং চাপৰিত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীৰ লগতে উপস্থিত ৰাইজক ধন্যবাদ জ্ঞাপন জনায়। লগতে চাওলুং চুকাফা, লাচিত বৰফুকন, চিলাৰায়, সতী সাধনীকে ধৰি ৰাজ্যৰ বীৰ বীৰাংগনাক সুঁৱৰে ৷ ইফালে আগন্তক ভোগালী বিহুৰ ওলগ জনাইকয় যে ,মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত বগীবিল দলংকখ আগবঢ়ালো আপোনালোকলৈ ৷এখন দেশৰ সুশাসন সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, সুশাসনৰ অৰ্থ হৈছে সমাজত প্ৰত্যেকজন লোকৰ উন্নত ভৱিষ্যতৰ কাৰণে চিন্তা কৰা শাসন ৷
লগতে প্ৰমানমন্ত্ৰী মোডীয়ে কয় যে,দেশত যেতিয়া সন্তুলিত অৰ্থনৈতিক উন্নতিৰ দিশত আগবাঢ়ে তেতিয়াই সুশাসন প্ৰতিষ্ঠা হয়। লগতে বগীবিল দলংখন হৈছে সম্পূৰ্ণ তীখাৰে নিৰ্মিত ৰেল ৷ এই সন্দৰ্ভত কয় মোডীয়ে কয় যে,এইখনেই দেশৰ একমাত্ৰ দলং,যি সম্পূৰ্ণ তীখাৰে নিৰ্মাণ কৰা হৈছে ৷ বগী বিল দলং খনত একেলগে ৰেল, বাছ সমগতিৰে চলিব পৰা দলং ৷এই দলং খনে সামৰিক দিশতো শক্তিশালী কৰি তুলিব ৷ উল্লেখ্য যে ,সম্প্ৰতি বগীবিল দলং খনে জনসাধাৰণত যাতায়তৰ ক্ষেত্ৰত অধিক সুবিধা হ’ব ৷এই সন্দৰ্ভত প্ৰমানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে ,বগী বিল দলং হৈছে অৰুণাচল আৰু অসমৰ জীৱন ৰেখা তথা দুয়োখন ৰাজ্যৰ মাজত দুৰত্বও হ্ৰাস কৰিব দলং খনে ৷
পূৰ্বতে এই ভ্ৰমণত ২৪ ঘন্টা লাগিছিল যদিও সম্প্ৰতি এই ভ্ৰমণত লাগিব ৫ ঘন্টা ৷ লগতে মোডীয়ে কয় যে,তিনিচুকীয়া আৰু নাহৰলগুনেৰে চলা ৰেলে দুৰত্বই নহয় মানুহৰ বিভিন্ন অসুবিধাও হ্ৰাস কৰিব।পূৰ্বতে দিল্লী,মুম্বাই,কলকাতা যাবৰ কাৰণে জনসাধাৰণ গুৱাহাটীলৈ যাব লাগে ৷ কিন্তু সম্প্ৰতি তাৰ প্ৰয়োজন নাই ৷ ডিব্ৰুগড় এতিয়া সমগ্ৰ দেশৰ কাৰণে উল্লেখ্য যোগ্য চহৰ। অন্যহাতে,দলং খন নিৰ্মাণ কৰা প্ৰত্যেক জন অভিযন্ত্ৰা,কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ লগতে কয় মোডীয়ে বিগত ৩-৪ বছৰত আৰু তিনিখন দলং ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা প্ৰসংগটো সুশাসনৰ লক্ষণ হৈছে ।
বগীবিল দলং উদ্বোধনী অনুষ্ঠানত নৰেন্দ্ৰ মোডীয়ে প্ৰয়াত ড° ভূপেন হাজৰিকা,প্ৰয়াত দিপালী বৰঠাকুৰক স্মৰণ কৰাৰ লগতে অটল বিহাৰী বাজপেয়ীক সুঁৱৰি কয় যে,আমি আধাতকৈ বেছি কাম কৰিছোঁ ৷অটল বিহাৰী বাজপেয়ী দ্বিতীয় বাৰৰ বাবে শাসনলৈ আহিলে ২০০৭ চনতে এই দলং নিৰ্মাণ হ’ল হেতেন ৷ লগতে কয় যে ১২ লাখ কোটিৰ এনে বহু প্ৰকল্প আৰম্ভ কৰিছোঁ ৷ এনেধৰণে কাম চলি থাকিলে আগন্তুক দিনত অসম আৰু উন্নতিৰ দিশত আগবাঢ়িব ৷ কাৰণ যদি অসম মজবুত হয় তেন্তে সমগ্ৰ ভাৰতেই মজবুত হ’ব ৷ ইফালে, ২৪ লাখ নতুন গেছৰ কানেকশ্যন অসমত হোৱাৰ কথাও কয় প্ৰমানমন্ত্ৰী মোডীয়ে৷পূৰ্বতে ৪০শতাংশ লোকৰ ঘৰত গেছ আছিল যদিও সম্প্ৰতি ৮০ শতাংশ পৰিয়ালৰ ঘৰত গেছ আছে ৷
উল্লেখ্য যে ,প্ৰধানমন্ত্ৰী মোডীয়ে দৌৰ ৰাণী হিমা দাসৰ প্ৰসংগটো মন্তব্য কৰিলে৷ হিমা দাসক এতিয়া সমগ্ৰ বিশ্বই সফলতাৰ প্ৰতীক হিচাপে চিহ্নিত হৈছে ৷ লগতে নিউ ইণ্ডিয়া,এক্ট ইষ্ট পলিচিৰ কামৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷
অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি