Begin typing your search above and press return to search.
মহা সপ্তমীৰ আনন্দত মতলীয়া ৰাজ্যবাসী

আজি মহা সপ্তমী । দুৰ্গতীনাশিনী দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত হৈছে গুৱাহাটী মহানগৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ত। শক্তিৰ অধিষ্ঠাত্ৰী দেৱী গৰাকীক পূজা আগৱঢ়াই আশীষ লবলৈ ৰাজ্যৰ ভক্ত প্ৰাণ পুৰুষ-মহিলাই পূজাৰ মণ্ডপ সমূহত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। ঢাক , উৰুলি, শংখধ্বনি, ঘণ্টাৰ শব্দই গুঞ্জৰিত হৈছে সমগ্ৰ ৰাজ্যৰ মণ্ডপ সমূহ।
বৰ্তমান পূজাস্থলী সমূহত সপ্তমীৰ পূজাৰ পাছতে মা দুৰ্গাৰ অঞ্জলী আৰম্ভ হব । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চমৎকাৰী পূজা মণ্ডপ আৰু কাৰিকৰী কৌশল সমৃদ্ধ আলোকসজ্জা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ভক্তপ্ৰাণ ৰাইজৰ বাবে।
এই উছৱৰ বতৰত ব্যস্ততা বাহিছে মিঠাইৰ বিপনীসমূহত।জেলেপিৰ লগতে বিভিন্ন লোভনীয় মিঠাইৰে ভৰি পৰিছে বিপনী সমূহ। কাপোৰৰ বজাৰতো ৰাইজৰ লানি নিচিগা সোত ।
Next Story