Begin typing your search above and press return to search.

ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত মাছুদ আজাহাৰক নিষিদ্ধ ঘোষণা কৰিবলৈ প্ৰস্তাৱ আমেৰিকা, ব্ৰিটেইন,ফ্ৰান্সৰ

ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত মাছুদ আজাহাৰক নিষিদ্ধ ঘোষণা কৰিবলৈ প্ৰস্তাৱ আমেৰিকা, ব্ৰিটেইন,ফ্ৰান্সৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Feb 2019 8:17 AM GMT

পুলৱামা কাণ্ডৰ পিছত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতৰ সৈতে থিয় দিছে আমেৰিকা, ব্ৰিটেইন আৰু ফ্ৰাঞ্চ। পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জঈছ–ঈ–মহম্মদক নিষিদ্ধ কৰিবলৈ বুধবাৰে ৰাষ্ট্ৰসংঘ সুৰক্ষা পৰিষদত প্ৰস্তাৱ দিয়ে আমেৰিকা, ব্ৰিটেইন আৰু ফ্ৰাঞ্চে। ইয়াৰ পূৰ্বেও আমেৰিকাই ভাৰতক সমৰ্থন কৰি পাকিস্তানক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ সকীয়াই দিছিল। ৰাষ্ট্ৰসংঘ সুৰক্ষা পৰিষদত পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদী সংগঠন জেইছ ই-মহম্মদৰ মুৰব্বী মাছুদ আজাহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী বুলি ঘোষণা কৰাৰ লগতে গৃহবন্দী কৰিব লাগে । মাছুদ আজাহাৰৰ সকলো সকলো অস্ত্ৰসত্ৰ আৰু সম্পতি বাজেয়াপ্ত কৰাৰ প্ৰস্তাৱ দিয়ে ।

ৰাষ্ট্ৰসংঘৰ সুৰক্ষাৰ ১৫ খন দেশৰ ভিতৰত ৩ দেশে আজি এই প্ৰস্তাৱ দিয়ে । বিগত ১০ বছৰ ধৰি ৰাষ্ট্ৰসংঘৰ মজিয়াত মাছুদ আজাহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী বুলি ঘোষণা কৰাৰ দাবী তুলি আহিছে । আজি পুনৰ চতুৰ্থ বাৰৰ বাবে ৰাষ্ট্ৰসংঘ সুৰক্ষা পৰিষদত মাছুদ আজাহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ বুলি ঘোষণা কৰিবলৈ প্ৰস্তাৱ দিয়ে । ২০০৯ চনত মাছুদ আজাহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ বুলি ঘোষণা কৰি বলৈ ভাৰতে ৰাষ্ট্ৰসংঘত প্ৰস্তাৱ দিছিল । ২০১৬ ত মাছুদ আজাহাৰে কৰা পাঠানকোট আক্ৰমণৰ পাছত পুনৰ প্ৰস্তাৱ দিছিল ৰাষ্ট্ৰসংঘৰ মজিয়াত । ২০১৭ চনৰ পুনৰ ভাৰতে এই প্ৰস্তাৱ দিয়াৰ পিছত ৰাষ্ট্ৰসংঘই , চীনৰ সমৰ্থন নথকাৰ বাবে প্ৰস্তাৱটো স্থগিত কৰিছিল ।

শেহতীয়াকৈ পুলোৱামা কাণ্ডৰ পাছত চীনে ভাৰতক সমৰ্থন কৰা পৰিলক্ষিত হৈছে । সেয়েহে এইবাৰ আমেৰিকাৰ, বৃটেইন আৰু ফ্ৰান্সে মাছুদ আজাহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ বুলি ঘোষণা কৰিবলৈ প্ৰস্তাৱ দিয়াৰ পিছত চীনে কি পদক্ষেপ লব সেয়াহে লক্ষ্যণীয় । ১৪ ফেব্ৰুৱাৰীত ভাৰতৰ সেনা বাহিনীৰ উপৰত জেইছ ই-মহম্মদে কৰা আক্ৰমণৰ ঘটনাত ভাৰতৰ ৪০ জনকৈ সেনা জোৱান শ্বহীদ হৈছিল । এই আক্ৰমণৰ পাছত পাকিস্তানক আন্তঃৰাষ্ট্ৰীয় মজিয়াত সকলোৱে নিন্দা কৰে ।

Next Story
চাকৰি