Begin typing your search above and press return to search.

মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্য্যটকৰ বাবে মুকলি

মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্য্যটকৰ বাবে মুকলি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Oct 2018 10:22 AM GMT

আজি আনুষ্ঠানিক ভাৱে চিৰাং জিলাৰ পাণবাৰীৰ বনচোম বাগানত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথম সংযোজন পৰ্য্যটকৰ বাবে মুকলি । মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথম সংযোজনত চিৰাং জিলাৰ পাণবাৰী বনাঞ্চল আৰু কুকলুং বনাঞ্চলৰ অন্তৰ্ভূক্ত হৈ আছে । আজি পাণবাৰী বনাঞ্চলৰ দুৱাৰ মুকলি কৰে অসমৰ পৰ্য্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু বিটিএডিৰ উপমুখ্য সচিব খাম্পা বৰগয়াৰী ।

ৰাতিপুৱা ১০.৩০ বজাত আনুষ্ঠানিক ভাৱে ফিতা কাটি উদ্ধোধন কৰাৰ পিচতে অনুষ্ঠিত হয় এক উদ্ধোধনি সভাৰ । সভাত মন্ত্ৰী চন্দন ব্ৰহ্মই কয় যে ইতিমধ্যে পৰ্য্যটক সকলৰ বাবে ২৫ কোটী টকা ব্যায় সাপেক্ষে অতিথিশালা নিৰ্মান কৰি থকা হৈছে পানবাৰীত । আচলতে চিৰাং জিলাৰ মানাসৰ অন্তৰ্গত গাভৰুখুন্দা মনোমোহা ঠাই । এই ঠাইত এবাৰ যোৱা যিকোনো লোকে বাবে বাৰে যাব বিচাৰিব । মুঠতে কিছুদিনৰ ভিতৰত ছাপাগুৰীৰ পৰা ১৮ কিলোমিটাৰ উত্তৰে থকা ভাৰত-ভূটান সীমান্তৰ কয়লাময়লাত মানাহৰ কুকলুং বনাঞ্চলৰ দুৱাৰ মুকলি কৰা হব বুলিও জনায় ।

সভাত বিটিচি উপমুখ্য খাম্পা বৰগয়াৰীয়ে কয় যে পৰিৱেশ পৰিস্থিতৰ বাবে আৰু যাতায়াতৰ অসুবিধাৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পানবাৰী আৰু কুকলুং বনাঞ্চলত পৰ্য্যটনৰ বাবে আগবাঢ়িব পৰা নাছিল । এতিয়া লাহে লাহে উন্নয়নৰ ব্যৱস্থা কৰি থকা হৈছে বুলিও জনায় তেওঁ । পৰিৱেশ তথা পৰিস্থিতি ভাল হোৱাৰ লগে লগে বিটিচিৰ পৰা সকলো ব্যৱস্থা লোৱা হৈছে যাতে পৰ্য্যটক সকলে আহি অঞ্চলটোৰ সৌন্ধৰ্য্য উপভোগ কৰিব পাৰে তাৰ বাবে আজি পানবাৰী বনাঞ্চল পৰ্য্যটকৰ বাবে মুকলি কৰা হল ।

ইয়াত উপভোগ কৰিব পৰাকৈ সৌন্ধৰ্য আছে, সকলো বন্য প্ৰণী আছে,মাথো গড় আহিব দিয়া হোৱা নাই যদিও কম সময়তে তাৰ ব্যৱস্থাও হৈ যাব বুলিও জনায় । আজিৰ উদ্ধোধনি অনুষ্ঠানত বিটিচি বন বিভাগৰ মুৰ্ব্বী বিষয়া অমৃত কুমাৰ দাস,মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক (ফিল্ড ডিৰেক্টৰ) হিৰণ্য কুমাৰ দাস,উপ সঞ্চালক নৱ কুমাৰ মালাকাৰ,চিৰাং বন সংমণ্ডল বিষয়া ৰাজু ব্ৰহ্ম,বিটিচি পৰ্য্যটনৰ মুৰব্বী বিষয়া মহন ব্ৰহ্ম সহ অন্যান্য কেবাজনো বিশিষ্ট লোক উপস্থিত থকাৰ লগতে চিৰাং জিলাৰ কেবাশ লোক উপস্থিত থাকে ।

Next Story
চাকৰি