Begin typing your search above and press return to search.

মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং নদীত দুই শিশুৰ সলিল সমাধি

মাৰ্ঘেৰিটাৰ বুঢ়ীদিহিং নদীত দুই শিশুৰ সলিল সমাধি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Oct 2018 6:14 AM GMT

মাৰ্ঘেৰিটাৰ ইনথেম গাওঁ পন্ঞ্চায়তৰ অন্তৰ্গত মাইচাং পানীত অঘটন । বুঢ়ীদিহিং নদীত গা ধুবলৈ গৈ দুই শিশুৰ সলিল সমাধি ঘটি মৃত্যু মুখত পৰিছে আৰু এজনৰ কোনো মতে প্ৰাণ ৰক্ষা । স্থানীয় ৰাইজে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আজি দুপৰীয়া সাতুৰিবলৈ গৈ ডুব যায় তিনিটা শিশু । ইয়াৰে সুৰভি সোণোৱাল নামৰ ৯ বছৰীয়া শিশুক জীৱন্ত অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিওঁ দুজনৰ নদীতে মৃত্যু হয় । মৃত হোৱা শিশু দুটাৰ নাম ক্ৰমে চুনচুনি সোণোৱাল ( ৭ বছৰ ) আৰু বিৰাজ সোণোৱাল ( ৪ বছৰ ) বুলি জানিব পৰা গৈছে । কৰুণ ঘটনাটোৱে সমগ্ৰ অন্ঞ্চলটোত দুখৰ ছাঁ পেলাইছে ।

Next Story