Begin typing your search above and press return to search.

মিজোৰামত কংগ্ৰেছক তুলা ধুনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

মিজোৰামত কংগ্ৰেছক তুলা ধুনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Nov 2018 12:01 PM GMT

সমাগত নিৰ্বাচন ৷ গতিকে নিৰ্বাচনৰ সন্দৰ্ভত এটা ৰাজনৈতিক দলে আন এটা ৰাজনৈতিক দলক কৰা তীব্ৰ কটাক্ষ অব্যাহত আছে ৷ শুক্ৰবাৰে,মিজোৰামৰ লুংলেইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছ দলক তীব্ৰ কটাক্ষ কৰি কয় যে,উত্তৰ পূবৰ বাসিন্দাৰ সাজপাৰ,সংস্কৃতি কংগ্ৰেছ দলে উপলুঙা কৰে ৷ কংগ্ৰেছে ইয়াত উত্তৰ পূবৰ কাৰণে শাসন কৰা নাই ৷ ক্ষমতা অৰ্জন কাৰণেহে শাসন কৰিছে ।উল্লেখ্য যে,মিজোৰামত ২৮ নৱেম্বৰত হ’ব লগীয়া বিধানসভা নিৰ্বাচনত এই দৰেই তীব্ৰ ভাষাৰে সমালোচনা কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।

অন্যহাতে উত্তৰ পূব কংগ্ৰেছ শাসিত ৰাজ্য মিজোৰামৰ পৰা কংগ্ৰেছক উৎখাত কৰিবৰ কৰিবৰ কাৰণে সিদ্ধহস্ত হৈছে বিজেপি ৷ লগতে নিৰ্বাচনী সভাখনত মোডীয়ে মিজোৰামৰ বাসিন্দাসকলক কয় যে,মিজোসকলৰ এটা সুন্দৰ পৰম্পৰা,সংস্কৃতি আছে৷লগতে আছে,ভাষা,সংগীত, খাদ্য-সম্ভাৰ আৰু সাজসজ্জা ৷এই সকলোবোৰক সংৰক্ষণ কৰাৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷

ভাষণ প্ৰসংগত মোডীয়ে কয় যে,কংগ্ৰেছৰ ভেদাভেদ নীতিৰ বাবেই সম্প্ৰতি কংগ্ৰেছৰ শাসন ২,৩ খন ৰাজ্যত বৰ্তি আছে ৷ গতিকে সম্প্ৰতি কংগ্ৰেছক উৎখাত কৰাৰ কাৰণে মিজোৰামবাসীৰ ওচৰত সোনালী সুযোগ উপস্থিত হোৱাৰ কথাও ভাষণ প্ৰসংগত উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ কংগ্ৰেছ চৰকাৰৰে বিগত বছৰত মিজোৰামত কৰা দুৰ্নীতি,কেগকে আদি কৰি বিভিন্ন প্ৰসংগত বিস্ফোৰক মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷

লগতে প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে,চলিত চৰকাৰখনে উত্তৰ পুবৰ সৰ্বাঙ্গীন উন্নয়নৰ কাৰণে প্ৰায় ৯০,ooo কোটি টকাৰ আঁচনি লৈছে। ৰেলবিভাগৰ বিভিন্ন আঁচনি কথাও উল্লেখ কৰে ৷ লগতে ৰেল বিভাগত লোৱা ৰেলৱে’ৰ এটা আঁচনি প্ৰায় ১২-১৮ মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কথা কয় প্ৰধান মন্ত্ৰী মোডীয়ে ৷

অন্যহাতে,মিজোৰামৰ ক্ৰিয়া সম্পৰ্কত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, বিভিন্ন খেলৰ ক্ষেত্ৰত মিজোৰাম যথেষ্ট আগবঢ়া ৷ মিজোৰামৰ শিশুসকলৰ দুভৰিত যাদু আছে ৷ গতিকে এই ক্ষেত্ৰত চৰকাৰে ৰাজ্যখনৰ ক্ৰীড়াৰ সৰ্বাঙ্গীন উন্নতিৰ কাৰণে বিভিন্ন পদক্ষেপ ল’ব বুলিও ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

অন্য খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story
চাকৰি