Begin typing your search above and press return to search.

মিজোৰামত নিজৰ শাসন অব্যাহত থাকিব বুলি দাবী কংগ্ৰেছৰ

মিজোৰামত নিজৰ শাসন অব্যাহত থাকিব বুলি দাবী কংগ্ৰেছৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Nov 2018 10:49 AM GMT

সদ্যসমাপ্ত মিজোৰাম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে সফলতা লাভ কৰি ৰাজ্যখনত কংগ্ৰেছৰ শাসন অব্যাহত থাকিব বুলি মন্তব্য কৰে। এইবাৰৰ মিজোৰাম বিধানসভা নিৰ্বাচনত ৮০% ভোট গ্ৰহণ সম্পন্ন হয়। যোৱা বৰ্ষৰ নিৰ্বাচনৰ তুলনাত এই ভোটদান ২% কম। ভোটাৰৰ মাজত সামন্য পৰিবৰ্তন লক্ষ্য কৰা গলেওঁ কংগ্ৰেছেই উত্তৰ-পূৱৰ ৰাজ্যখনত শেষ হাঁহি মাৰিব বুলি দলটো আত্মবিশ্বাসী হৈ আছে।২০৯ গৰাকী প্ৰাৰ্থীৰ ভবিষ্যত ১১

ডিচেম্বৰৰ ভোট গণনাত নিৰূপন হব।

চলিত বৰ্ষৰ নিৰ্বাচন কংগ্ৰেছৰ বাবে সন্মানৰ প্ৰশ্ন হৈ পৰিছে কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মিজোৰামতহে কংগ্ৰেছৰ একপক্ষীয় শাসন বৰ্তি আছে। কংগ্ৰেছে ক্ৰমাগত তৃতীয় বাৰৰ বাবে ক্ষমতা দখলৰ বাবে চেষ্টা কৰিছে। আনহাতে শেহতীয়া

নিৰ্বাচনত ৪০ খন আসনৰ ভিতৰত মাত্ৰ ৫ খন আসনহে দখল কৰিবলৈ সক্ষম হোৱা প্ৰধান বিৰোধী দল মিজো ৰাষ্ট্ৰীয় দলে এইবাৰ দহ বছৰৰ বিৰতিৰ অন্তত ক্ষমতালৈ উভতি আহিব বুলি আশাবাদী হৈ আছে। নিজৰ অভিষেক আসনৰ সন্ধানত থকা বিজেপি দলে এইবাৰ চৰকাৰ গঠনৰ কিংমেকাৰ হোৱাৰ আশাৰে কংগ্ৰেছক প্ৰত্যাহবান জনাবলৈ সাজু আছে। মিজোৰামৰ মুখ্যমন্ত্ৰী লালথানহাওলাই আত্মবিশ্বাস ব্যক্ত কৰি দলে একক সংখ্যা গৰিষ্ঠতাৰে ক্ষমতাৰ গাদী দখল কৰিব দাবী কৰে। লালথানহাওলাই এইবাৰ চাৰচিপ আৰু দক্ষিণ চামফাই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। চলিত নিৰ্বাচনত কংগ্ৰেছ আৰু এম এন এফয়ে ৪০ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে বিজেপিয়ে ৩৯ টা সমষ্টিত নিজৰ প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল। ব্ৰু জনগোষ্ঠীৰ ১২০০০ ভোটাৰে এইবাৰ মিজোৰাম-ত্ৰিপুৰা সীমান্তত বিশেষভাবে নিৰ্মান কৰা ভোট গ্ৰহণ কেন্দ্ৰত ভোট দান কৰা কাৰ্য্যই চলিত নিৰ্বাচনক প্ৰভাৱিত কৰিব পাৰে।১৯৯৭ চনত মিজো সকলৰ লগত হোৱা সংঘৰ্ষৰ পৰিণতিত ব্ৰু জনগোষ্ঠীটোৰ লোক সকলে চুবুৰীয়া ৰাজ্যলৈ প্ৰব্ৰজন কৰিছিল। ২০১৩ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে ৩৪ খন আসন দখল কৰিছিল।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story
চাকৰি