Begin typing your search above and press return to search.

লোকসভা নিৰ্বাচনৰ সময় সূচী ঘোষণাৰ পাছত মুখ্য নিৰ্বাচনী বিষয়া মুকেশ চাহুৰ সংবাদমেল

লোকসভা নিৰ্বাচনৰ সময় সূচী ঘোষণাৰ পাছত মুখ্য নিৰ্বাচনী বিষয়া মুকেশ চাহুৰ সংবাদমেল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 March 2019 9:59 AM GMT

নিৰ্বাচনী আয়োগে দেওবাৰে সময় সূচী ঘোষণা কৰাৰ পাছত আজি মুখ্য নিৰ্বাচনী বিষয়া মুকেশ চাহুৰ সংবাদমেল সম্বোধন কৰে । প্ৰাৰ্থীৰ ব্যয়ৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব নিৰ্বাচন আয়োগে বুলি প্ৰকাশ কৰিছে । ভোট গ্ৰহণৰ সময়তমুখ্য কাৰ্যালয় বা জিলা নিৰ্বাচনী কাৰ্যালয় পোনপটীয়াকৈ চাই থাকিব পাৰিব ভোটগ্ৰহণ। লগতে স্পৰ্শকাতৰ ভোটকেন্দ্ৰ সমূহত ৱেব কাষ্টিং ব্যৱস্থাৰ জৰিয়তে পৰ্যবেক্ষন কৰিব নিৰ্বাচন আয়োগে।

ELECTRONICALLY TRANSMITTED POSTAL BALLOT SYSTEMৰ জৰিয়তে ভোট দিব চাৰ্ভিছ ভোটাৰে। ইন্টাৰনেট যোগেদি চাৰ্ভিছ ভোটাৰলৈ প্ৰেৰণ কৰিব বেলট। CVigil মোবাইল এপৰ যোগেদি নিৰ্বাচনী বিধি ভংগৰ অভিযোগ দিব পাৰিব সাধাৰণ লোকে। অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন।

১১ এপ্ৰিলত অনুষ্ঠিত হব লগা প্ৰথম পৰ্যায় নিৰ্বাচনত ৫ টা লোকসভা সমষ্টিত অনুষ্ঠিত হব ভোট গ্ৰহণ| প্ৰথম পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিন হ'ল ২৫ মাৰ্চ আৰু ২৬ মাৰ্চত মনোনয়ন সমূহ পৰীক্ষা কৰা হব । ২৮ মাৰ্চত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। ১১ এপ্ৰিলত ভোট গ্ৰহণ অনুষ্ঠিত হব ।

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ২৬ মাৰ্চ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন , ২৭ মাৰ্চত মনোনয়ন সমূহ পৰীক্ষা কৰা হব আৰু ২৯ মাৰ্চ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন । দ্বিতীয় পৰ্যায়ত ভোট গ্ৰহণ অনুষ্ঠিত হব ১৮ এপ্ৰিলত ।

আনহাতে ৪ এপ্ৰিল মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে। ৫ এপ্ৰিলত মনোনয়ন পত্ৰ পৰীক্ষাৰ কৰা হব । ৮ এপ্ৰিলত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হব ২৩ এপ্ৰিলত ।

প্ৰথম পৰ্যায়ত মুঠ ভোটাৰ ৭৫১৬২৮৪ | মুঠ পুলিং ষ্টেশ্যন ৯৫৭৪| দ্বিতীয় পৰ্যায়ত ভোটাৰ ৬৮৩৬৪৯৬| মুঠ পুলিং ষ্টেশ্যন ৮৯৯২| তৃতীয় পৰ্যায়ত ভোটাৰ ৭৪০৭৮২৪| মুঠ পুলিং ষ্টেশ্যন ৯৫৭৭| ১৯১৩টা ক্ৰিটিকেল পুলিং ষ্টেশ্যন| ৩৬৬৩টা অতি স্পৰ্শকাতৰ ভোটকেন্দ্ৰ আছে |

অসমত ২,১৭,৬০,৬০৪ ভোটাৰ আছে। তাৰে ১,১১,৩২,৭৮২ গৰাকী পুৰুষ ভোটৰ থকাৰ পৰিবৰ্তে ১,০৬,২৭,৮২২ মহিলা ভোটৰ আছে ।

Next Story
চাকৰি