মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে অভিযোগ দিবলৈ উৎসৱ বৈন্সেক প্ৰলোভন দিয়া হৈছিল বুলি স্বীকাৰ

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতন অভিযোগ উত্থাপন কৰা গোচৰটো ভিত্তিহীন বুলি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা উৎসৱ বৈন্সে। বৃহৎ পৰিমাণৰ উপঢৌকনৰ বিনিময় এই অভিযোগ আনিছিল বুলি প্ৰকাশ কৰিছে ।
"যৌন নিৰ্যাতনৰ অভিযোগেৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক বদনামী কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা গৰাকীক আগবঢ়া হৈছিল বৃহৎ পৰিমাণৰ ধন । ৰঞ্জন গগৈৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অংশীদাৰ হৈ এখন সংবাদমেলৰ আয়োজন কৰিবলৈ অধিবক্তা গৰাকীক ১.৫ কোটি টকাৰ প্ৰস্তাৱ দিয়া হৈছিল বুলি প্ৰকাশ কৰিছে বৈন্সে ।
লগতে বৈন্সে কয় যে বলৎকাৰ গোচৰত অভিযুক্ত আশাৰাম ৰ বিৰুদ্ধে গোচৰ চলাই অহা অধিবক্তা জনে কয় যে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মহিলা গৰাকীৰ আত্মীয়তা ৰূপে চিনাকী দি এজন লোকে তেওঁক মহিলা গৰাকীৰ গোচৰটোৰ সপক্ষে যুক্তি দিলে ৫০ লাখ টকা দিয়া হব বুলি কৈছিল। পিচিআই ত বিশেষকৈ সংবাদমেলৰ আয়োজন কৰা হৈছিল বুলি প্ৰকাশ কৰে। কিন্তু সংবাদমেল খনৰ বাবে বৈন্স অমান্তি হোৱাত ১.৫ কোটি টকা আগবঢ়াইছিল বুলি প্ৰকাশ কৰে বৈন্সে ।
পিছত অনুসন্ধান কৰাত পোহৰলৈ আহে যে গোচৰটো ৰঞ্জন গগৈৰ বিৰুদ্ধে এক ষড়যন্ত্ৰহে।উৎসৱ বৈন্সে দেওবাৰে সন্ধিয়া মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ঘৰত গোচৰটোৰ সন্দৰ্ভত অবগত কৰোৱাৰ লগতে উপঢৌকন আৰু ষড়যন্ত্ৰৰ বিৰুদ্ধে অবগত কৰিবলৈ গৈছিল যদিও সেই সময়ত ৰঞ্জন গগৈ উপস্থিত নাছিল বুলি প্ৰকাশ কৰে ।
উৎসৱ বৈন্সে ফেচবুকত পোষ্ট দিয়াৰ পাছতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে বৈন্সে এপেক্স কোৰ্টত শপতনামা দাখিল কৰিছে ।
অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি