টংলা আৰক্ষীয়ে সমাধান কৰিলে মৃশাংক বসুমতাৰীৰ হত্যাকাণ্ড ।টংলা আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম নলবাৰীৰ টংলা কলেজৰ বিএ প্ৰথম ষণ্মাসিকৰ ছাত্ৰ জনৰ হত্যাকাণ্ডটি সমাধান কৰে । এই হত্যাকাণ্ডৰ লগত জড়িত ৫জনকৈ অভিযুক্তক ৰাজ্যখনৰ ভিন্ন অঞ্চলৰ পৰা আটক কৰিবলৈ সক্ষম হয় ।চিনাক্ত কৰা অপৰাধী কেইজন হৈছে ক্ৰমে,সঞ্জয় ঘোষ(২১), প্ৰদীপ বৰ্মন(১৮), দিলিপ দাস(২২), সঞ্জয় দাস(১৯), বলোৰাম চৰকা(২২)। তদন্তকাৰী বিষয়া এছআই মনিক বৰমুদৈয়ে জানিবলৈ দিয়া মতে; হত্যাকাণ্ডটিৰ মুল অভিযুক্ত প্ৰদীপ বৰ্মনক উত্তৰ ত্ৰিপুৰাৰ ধৰমগাৰ ৰেলৱে ষ্টেচনৰ পৰা আটক কৰে।বাকী তিনিজন ৰঙিয়াত লুকাই থকা বুলি সন্দহ কৰি সেই ঠাইৰ পৰা আটক কৰা হয় আৰু বিপ্লৱ ঘোষক উদালগুৰি জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ।
Begin typing your search above and press return to search.