Begin typing your search above and press return to search.

মেঘালয় কয়লা খনি ট্ৰেজেডি: ৰাজ্য চৰকাৰৰ ভূমিকাত সন্তুষ্ট নহয় উচ্চতম ন্যায়ালয়

মেঘালয় কয়লা খনি ট্ৰেজেডি: ৰাজ্য চৰকাৰৰ ভূমিকাত সন্তুষ্ট নহয় উচ্চতম ন্যায়ালয়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Jan 2019 1:08 PM GMT

মেঘালয়ৰ কয়লা খনিত আবদ্ধ হৈ থকা পোন্ধৰজনকৈ শ্ৰমিকক উদ্ধাৰৰ বাবে চলোৱা উদ্ধাৰ অভিযানত সন্তুষ্ট নহয় উচ্চতম ন্যায়ালয়। ঘটনা সংঘটিত হোৱাৰ তিনি সপ্তাহ উকলি যোৱাৰ পিছতো বৰ্তমানে এজনো শ্ৰমিকক উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিব নোৱাৰা কাৰ্য্যত অসন্তুষ্ট হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয়। কয়লা খনিত আবদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰ সম্পৰ্কীয় এটা গোচৰত এই অসন্তোষ ব্যক্ত কৰিছে উচ্চতম ন্যায়ালয়ে। গোচৰৰ শুনানিত ন্যায়ালয়ে কয় যে কয়লা খনিত আবদ্ধ শ্ৰমিকক উদ্ধাৰ কাৰ্য্যত উচ্চতম ন্যায়ালয় সন্তুষ্ট নহয়। কিমান জন লোক জীৱিত আছে কিমানজন মৃত সেয়া ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হ'ল আজি পৰ্য্যন্ত একো এটা সম্ভেদ লাভ নকৰাটো।

ন্যায়ালয়ে ভগৱানৰ ওচৰত আটাইকেইজন শ্ৰমিক জীৱিত থকাৰ বাবে প্ৰাৰ্থনা কৰে। সকলোৱে জীৱিত হৈ থাকক, সকলোকে উদ্ধাৰ কৰি আনিব লাগিব।মেঘালয়ৰ পূৱ জয়ন্তিয়া পাহাৰৰ অবৈধ কয়লা খনিত ৩৭০ ফুট গভীৰতাত শ্ৰমিক সকল আবদ্ধ হৈ আছে। আৰু এই আবদ্ধ হৈ থকা শ্ৰমিক সকলক উদ্ধাৰৰ বাবে চলোৱা উদ্ধাৰ অভিযানৰ অতি সমান্যহে অগ্ৰগতি হৈছে। খনিতটোত আৱদ্ধহৈ থকা শ্ৰমিক সকলক উদ্ধাৰবাবে দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, নৌসেনা বিভাগে চেষ্টা অব্যাহত ৰাখিছে। এজন উদ্ধাৰকাৰী দলৰ বিষয়াই কয় যে খনিটোৰ ওচৰত থকা আন এটা খনিৰ পৰা পানী নিৰ্গত হৈ থকাৰ ফলত উদ্ধাৰকাৰী দল শ্ৰমিক সকল আবদ্ধহৈ থকা ঠাইলৈ যাবলৈ পৰা নাই। কয়লা খনিৰ পৰা উদ্ধাৰকাৰী সকলে পঁচা দুৰ্গন্ধ অহা ভাহি অহা বুলি প্ৰকাশ কৰিছে বিভিন্নজনে, ইয়াৰ অৰ্থ খনিত আবদ্ধ লোক সকলৰ মৃত্যু হবও পাৰে।এই কথাক উদ্ধাৰকাৰী দলৰ সদস্য সকলে মিছা বুলি অভিহিত কৰিছে আৰু কয়লা খনিৰ পৰা পানী নিৰ্গমন কৰা পাম্প ৪৮ ঘণ্টা ধৰি বন্ধ থকা কাৰণে কয়লা খনিটোত পানী জমা হৈ দুৰ্গন্ধৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰে।

ওড়িশাৰ পৰা অনা উচ্চ ক্ষমতা সম্পন্ন পানী নিষ্কাষণ কৰা পাম্প আনি উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰি থকা হৈছে বুলি অভিযান কাৰী সকলে মন্তব্য কৰিছে। কয়লা খনিটোত উদ্ধাৰ অভিযানত ভাৰতীয় নৌ সেনা, বায়ু সেনা আৰু স্থল সেনাক নিয়োগ কৰাৰ কাৰণে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক আদালতে নিৰ্দেশ প্ৰদান কৰিছে। আবদ্ধ হৈ থকা শ্ৰমিক সকলক উদ্ধাৰ কৰাৰ বাবে ষ্ট্যেণ্ডাৰ্ড অপাৰেচন প্ৰচিডিউৰ তৈয়াৰ কৰাৰ বাবে নিৰ্দেশ দিয়া হয়। মেঘালয় চৰকাৰৰ আইনজ্ঞই উদ্ধাৰ অভিযানত ৰাজ্য চৰকাৰে সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছে আৰু কেন্দ্ৰীয় চৰকাৰেও সহায় কৰিছে বুলি উল্লেখ কৰে। এতিয়ালৈ কয়লা খনিটোৰ পৰা তিনিটা হেলমেটৰ বাহিৰে আন একো সামগ্ৰী উদ্ধাৰ হোৱা নাই।খনিটোত আবদ্ধ হৈ থকা শ্ৰমিক সকলৰ পৰিয়ালে ইতিমধ্যে শ্ৰমিক সকল জীৱন্তে উদ্ধাৰ হোৱা আশা পৰিত্যাগ কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি

Next Story
চাকৰি