'মেড ইন ছাইনা'ৰ প্ৰথম খন পোষ্টাৰ মুকলি

ৰাজকুমাৰ ৰাও আৰু মৌনি ৰয়ৰ আহিবলগা নতুন ছবি "মেড ইন ছাইনা"ৰ নতুন ছবিৰ প্ৰথম খন পোষ্টাৰ মুকলি পালে।আনহাতে,ৰাজকুমাৰ ৰাওৱে এখনৰ পিছত এখন হিট ছবি দি প্ৰমান কৰিছে যে তেওঁ বৰ্তমান প্ৰজন্মৰ এগৰাকী জনপ্ৰিয় অভিনেতা,ইফালে মৌনি ৰয়ও গোল্ড ছবি খনৰ পিছত এইবাৰৰ পৰৱৰ্ত্তী ছবি খনৰ জৰিয়তে নিজৰ প্ৰতিভা বিকশিত কৰিবলৈ সুবিধা লাভ কৰিছে। দুয়ো গৰাকী প্ৰতিভা সম্পন্ন তাৰকা এখন সুন্দৰ ছবিত একেলগে দেখা পোৱা যাব আৰু ছবি খনৰ প্ৰথম খন পোষ্টাৰ মুকলি পাইছে।
স্ত্ৰী ছবি খনৰ অভিনেতা ৰাজকুমাৰে নিজৰ অনুৰাগী সকলৰ বাবে ইনষ্টাগ্ৰামৰ জৰিয়তে ছবি খনৰ প্ৰথম খন পোষ্টাৰ প্ৰকাশ কৰিছে, আৰু মৌনি সুন্দৰ সেউজীয়া ৰঙৰ শাৰী পৰিধিত ৰূপত দেখা গৈছে।পোষ্টাৰ খনে ৰঘু আৰু ৰূক্মিনী দটা চৰিত্ৰৰ চিনাকি কৰাইছে দৰ্শক তথা ছবিৰ অনুৰাগী সকলক।২০১৯বৰ্ষৰ ১৫ আগষ্টত মুক্তি পাব লগা ছবি খনে বক্স অফিচত সফলতা অৰ্জন কৰিব বুলি আশা কৰা হৈছে।