Begin typing your search above and press return to search.

মে মাহত বৈধতা শেষ হব ৬৪ খন অতিৰিক্ত বিদেশী ন্যায়াধীশকৰনে

মে মাহত বৈধতা শেষ হব ৬৪ খন অতিৰিক্ত বিদেশী ন্যায়াধীশকৰনে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 May 2019 8:14 AM GMT

গৃহ মন্ত্ৰালয়ে ৬৪ বিদেশী ন্যায়াধীশকৰনৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । অসমৰ ৬৪ খন বিদেশী ন্যায়াধীশকৰনে মে মাহত তেওলোকৰ বৈধতা হেৰুৱাব ।

এই সম্পৰ্কত ইতিমধ্যে ৰাজ্যিক গৃহ আৰু ৰাজনৈতিক বিভাগে গৃহ মন্ত্ৰালয়ক অবগত কৰিছে । সূত্ৰয়ে জনোৱা মতে গৃহ মন্ত্ৰালয়ে এই সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

বৰ্তমান দেশত লোকসভা নিৰ্বাচন চলি আছে আৰু ২৩ মেত ফলাফল ঘোষণা কৰা হব । সেয়েহে গৃহ মন্ত্ৰালয়ে কেন্দ্ৰৰ নতুন চৰকাৰে ৬৪ অতিৰিক্ত বিদেশী ন্যায়াধীশকৰনৰ বৈধতা সময় সীমা বৃদ্ধিৰ ক্ষেত্ৰত কি সিদ্ধান্ত গ্ৰহণ কৰে তাৰ বাবে অপেক্ষা কৰা হৈছে বুলি প্ৰকাশ কৰে। মেৰ শেষৰ ফালে অথবা জুনৰ প্ৰথম সপ্তাহত কেন্দ্ৰত নতুন চৰকাৰ গঠন হব লগতে কেন্দ্ৰত নতুন গৃহ মন্ত্ৰীয়ে দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ সময়ৰ প্ৰয়োজন হ'ব ।

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ সমৰ্থনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাত ৰাজ্যত এই অতিৰিক্ত বিদেশী ন্যায়াধীশকৰন সমুহ স্থাপন কৰিছিল । ৩৬ খন বিদেশী ন্যায়াধীশকৰনত বহুতো গোচৰ জমা হৈ থকাৰ বাবে, ২০১৫ চনত সমগ্ৰ ৰাজ্যত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাত এই অতিৰিক্ত বিদেশী ন্যায়াধীশকৰন সমুহ স্থাপন কৰা হৈছিল । কোৰ্টে গৃহ মন্ত্ৰালয় আৰু ৰাজ্যিক গৃহ আৰু ৰাজনৈতিক বিভাগক জমা হৈ থকা গোচৰ সমুহ সোনকালে সমাধান কৰিবলৈ নিৰ্দেশ দিয়ে ।

বৰ্তমানেও ৩৬ খন স্থায়ী বিদেশী ন্যায়াধীশকৰন আৰু ৬৪ খন অতিৰিক্ত বিদেশী ন্যায়াধীশকৰনত ২ লাখৰো অধিক গোচৰ মীমাংসা কৰিবলৈ জমা হৈ আছে ।

৬৪ খন বিদেশী ন্যায়াধীশকৰনৰ বৈধতা ২ বছৰৰ কাৰনে প্ৰদান কৰা হৈছিল । ন্যায়াধীশকৰন সমুহৰ প্ৰথম সময় সীমা বৃদ্ধি কৰা হয় ২০১৭ চনৰ মে মাহত , পুনৰ চলিত বৰ্ষৰ মেত বৈধতা সমাপ্ত হব বিদেশী ন্যায়াধীশকৰনৰ ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি