Begin typing your search above and press return to search.
যোৰহাটত নিৰ্মান হব উৰনীয়া সেতুঁ

দুৰ্গা পূজাৰ প্ৰাকক্ষনত যোৰহাটবাসী ৰাইজৰ বাবে এটা সুখবৰ। ৰাইজৰ দীৰ্ঘদীনিয়া সপোন বাস্তবায়িত কৰাৰ লক্ষ্যৰে কাইলৈ যোৰহাটৰ ন-আলি ৰেলগেটত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উৰনীয়া সেতুৰ আধাৰশিলা স্থাপন কৰিব। যোৰহাটৰ ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে " উত্তৰ পূৱ বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি"ৰ অধীনত এখন অতি অত্যাধুনিক উৰনীয়া সেতু নিৰ্মান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই উৰনীয়া সেতুৰ নিৰ্মানৰ ফলত যোৰহাটৰ যান-যঁটৰ দীৰ্ঘদীনিয়া সমস্যা সমাধান হব বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে।
Next Story