Begin typing your search above and press return to search.

লংকাত বিদ্যুতৰ তাঁৰ চিঙি অঘটন

লংকাত বিদ্যুতৰ তাঁৰ চিঙি অঘটন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Aug 2018 7:47 AM GMT

লংকাৰ পশ্চিম ডাবলংত নিশা বিদ্যুৎ পৰিৱাহী তাঁৰ চিঙি পৰাৰ ফলত অঘটন । ১১ হেজাৰ ভল্ট বিদ্যুৎ পৰিবাহী তাৰ চিঙি পৰাত দুগৰাকী মহিলা আৰু এজন কিশোৰ গুৰত্বৰভাৱে আহত হয়। আহত দুই মহিলা ক্ৰমে হুছনাৰা বেগম(৬০) , জাহানৰা বেগম(৩২) আৰু কিশোৰ জন সাহাদুল ইছলাম(১২) । পিছত স্থানীয় লোকৰ সহযোগীতাত তিনিওজনকে লংকা প্রাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

পৱিত্ৰ ঈদৰ দিনাই নিশা লংকাৰ পশ্চিম ডাবলংত বিদ্যুৎৰ তাঁৰ ছিঙি পৰাৰ ফলত সংঘটিত হয় এক অঘটন । নিশা প্ৰচণ্ড গৰমত বাটত বহি থকা অৱস্হাত ওপৰেদি যোৱা ১১ হেজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাৰ হথাতে চিঙি পৰাত দুগৰাকী মহিলা আৰু এজন কিশোৰ গুৰত্ব বাবে আহত হয় ।আহত কেইজনৰ নাম ক্ৰমে হুছনাৰা বেগম(৬০),জাহানাৰা বেগম(৩২) আৰু সাহাদুল ইছলাম (১২) ।

পিছত স্হানীয় ৰাইজে আহত কেইজনক সংকটতজনক অৱস্থাত লংকা প্রাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । আনহাতে বিদ্যুৎ পৰিবাহী তাৰ চিঙি পৰাত দাউ দাউকৈ জ্বলি উঠে যদিও কোনোমতেহে প্ৰাণ ৰক্ষা পৰে বাটত বহি থকা আন কেইৱাজনো লোকৰ।

পূৰ্বেও কেইবা বাৰু এই অঞ্চলত সংঘটিত হৈছিল তেনে ঘটনা যদিও বিভাগীয় কতৃপক্ষক অভিযোগ দিয়াৰ পিছতো গাঁ লৰা নাই লংকা বিদ্যুৎ বিভাগৰ । এইছটি আৰু এলটি লাইনৰ বিদ্যুৎ পৰিবাহী তাৰ একেটা খুটাৰে বিদ্যুৎ সংযোগ দিয়াত ফলত এনে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।

Next Story
চাকৰি