ৰাজ্যিক বাতৰি

লক্ষিমপুৰত বিশুদ্ধ খোৱা পানী যোগান আঁচনি বিকল

get-blog-image
Representative image

 

বৰ্তমান সমগ্ৰ ৰাজ্যজুৰি  বিশুদ্ধ খোৱা পানীৰ অভাৱে এক জলন্ত সমস্যা হিচাপে বিবেচিত হৈছে । লক্ষিমপুৰতো খোৱা পানীৰ অভাৱত ভুগিব লগা হৈছে লক্ষিমপুৰ বাসী । লক্ষিমপুৰ জিলাৰ নাৰায়নপুৰত বহুতো খোৱা পানী যোগান ব্যবস্থা আচনি বিকল হোৱাৰ  বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে নাৰায়ণপুৰ বাসী । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধিনত বিহপুৰীয়া উপকেন্দ্ৰতো বহুতো আচনি বিকল হৈ পৰি আছে। সেয়েহে স্থানীয় ৰাইজে অস্বাস্থ্যকৰৰ উৎসৰ পৰা পানী সেৱন কৰিব লগা হৈছে ।

বিগত বহু বছৰ ধৰি নাৰায়ণপুৰ পানী যোগান আচনি সমুহৰ অৱস্থা অতি পুতৌজনক । এই ক্ষেত্ৰ পানী যোগান ব্যবস্থা কাৰ্যক্ষম কৰি তুলিবলৈ বহুতো আবেদন কৰা হৈছে যদিও কাৰ্যক্ষেত্ৰত পৰিনত হোৱা নাই । বিভাগীয় কতৃপক্ষয়ে কোনো ব্যবস্থা গ্ৰহণ কৰা নাই বুলি প্ৰকাশ কৰিছে ।

একেদৰেই নাৰায়ণপুৰ আঞ্চলৰ অধিনত থকা  কিনা পথাৰ পানী যোগান আচনি, শাওকুচি, জালুককতা, বাহু পথাৰ আৰু না- পামুৱা পানী যোগান আচনি সমুহো বহু বছৰ ধৰি বিকল অৱস্থাত আছে বুলি প্ৰকাশ কৰে । আনহাতে লক্ষিমপুৰ জিলাৰ    অসম অৰুণাচল প্ৰদেশৰ সীমান্তত থকা নাহৰনি আৰু জুটুলীবাৰী ৰ পানী যোগান আচনি আৰু বৰচাপৰি পানী যোগান আচনিও বিকল অৱস্থাত পৰি আছে ।

স্থানীয় লোক সকলে জনস্বাস্থ্য কাৰিকৰী বিভাগক দাবী জনাইছে যে অতি সোনকালে এই বিশুদ্ধ খোৱা পানী যোগান ব্যবস্থা কাৰ্যক্ষম কৰি তুলিবলৈ । কাৰণ বিশুদ্ধ খোৱা পানীৰ লগত সুস্বাস্থ্যৰ কথা জৰিয়ত হৈ আছে ।

 

অন্য খবৰৰ বাবে পঢ়ক  :ৰাজ্যিক বাতৰি