পুনৰ মানবতা ভূ লুন্থিত হৈ লক্ষীমপুৰত সংঘটিত হল এক হৃদয় বিদাৰক ঘটনা। মা নামৰ সেই শব্দটোকে ভৰিৰে মোহাৰি পেলাই এজন পুত্ৰই মাজনিশা ঘৰৰ পৰা পদ পথলৈ উলিয়াই দিলে ৮০ বছৰীয়া এগৰাকী বৃদ্ধাক।
এখন আঁঠুৱাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা কাজিয়াৰ সুত্ৰপাততে নিজে জন্ম দিয়া পুত্ৰৰ হাতত লাঞ্চিতা হল এই গৰাকী ৮০ বছৰীয়া আইতা। পুত্ৰ -বোৱাৰীৰ অমানুষিক নিৰ্যাতনৰ পৰবৰ্তী সময়ত মৰমৰ নাতিনীয়েকে বুধবাৰে নিশা এই গৰাকী আইতাক গতিয়াই উলিয়াই দিলে ঘৰৰ চৌহদৰ পৰা ।
পৰবৰ্তী সময়ত ওচৰৰ মহিলা সকলে আইতাক পথৰ পৰা উদ্ধাৰ কৰি লগে লগে খবৰ দিলে আৰক্ষীক। আৰক্ষীয়ে আইতাক ঘটনা স্থলীৰ পৰা লৈ আনি ভৰ্তি কৰিলে লক্ষীমপুৰ অসামৰিক চিকিৎসালয়ত ।
স্থানীয় মহিলা সকলে লক্ষীমপুৰ সদৰ আৰক্ষী থানাত পুতেক কমল কাকতিৰ পৰিয়ালৰ ওপৰত ইতিমধ্যে দাখিল কৰিছে এজাহাৰ । অন্যহাতে সেই মহিলা সকলৰ তৎপৰতাতে চিকিৎসালয়ৰ পৰা আইতাক বৃহস্পতি বাৰে লৈ যায় সুকীয়াকৈ থকা আইতাৰ আন এজন পুতেকে।