Begin typing your search above and press return to search.

লক্ষীমপুৰ জিলাৰ অসমীয়া যুৱ মঞ্চৰ পৰিবহন কাৰ্যালয়ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া

লক্ষীমপুৰ জিলাৰ অসমীয়া যুৱ মঞ্চৰ পৰিবহন কাৰ্যালয়ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 May 2019 9:44 AM GMT

লক্ষীমপুৰ জিলাৰ অসমীয়া যুৱ মঞ্চই দাবী কৰে যে জিলাখনৰ পৰিবহন কাৰ্যালয়ত অনাধিকৃত ব্যক্তিয়ে কাম কৰি আছে ৷ এই সন্দৰ্ভত সংগঠনে জিলাৰ উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে লগতে অনাধিকৃত ব্যক্তিসকলক কাৰ্যালয়ৰ পৰা বহিস্কাৰ কৰিবৰ কাৰণে তদন্তৰ দাবী কৰে ৷

স্মাৰক পত্ৰখনত অসমীয়া যুৱ মঞ্চৰ মুখ্য উপদেষ্টা অনুপম শইকীয়া,সভাপতি চিৰঞ্জীৱ বৰদলৈ আৰু সম্পাদক বিকাশ ভূমিজে মন্তব্য কৰে যে আমি লক্ষীমপুৰ জিলা পৰিবহন কাৰ্যালয়ত কিছু অনাধিকৃত লোকে কাম কৰি অহাটো লক্ষ্য কৰিছোঁ ৷ইয়াৰ উপৰিও সংগঠনটোৱে কয় যে পৰিবহন কাৰ্যালয়টোৰ কিছু সংখ্যক লোকে মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰি সাধাৰণ লোকসকলক শোষণ কৰি আহিছে ৷

এই সম্বন্ধত ১৩ মাৰ্চত জিলা পৰিবহন বিষয়াক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল ৷ যাতে কাৰ্যালয়ৰ কৰ্মচাৰীসকলে আই কাৰ্ড পৰিধান কৰি কৰ্মস্থলীলৈ আহে। কিন্তু এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা ন’হল ৷ সম্প্ৰতি সংগঠনটোৱে উপায়ুক্তক ভৱিষ্যতে গণতান্ত্ৰিক প্ৰতিবাদ নিশ্চিত কৰিবৰ কাৰণে স্মাৰক পত্ৰ প্ৰদান কৰিছে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি