লক্ষিমপুৰ জিলাৰ বান্দৰদেৱা আৰক্ষী চকীৰ অন্তৰ্গত পথালিপাহাৰত এক ভয়ংকৰ এচিড আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । শংকৰদেৱ মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকী কলেজৰ পৰা ঘৰলৈ ওভতাৰ পথত এই ভয়ংকৰ ঘটনাটো সংঘটিত কৰে ।
এখন এলটত অহা দুই ধৃত যুৱকে ছাত্ৰী গৰাকীলৈ লক্ষ্য কৰি এচিড দলিয়াই ফলত ছাত্ৰী গৰাকীৰ লগতে আক্ৰান্ত হয় অন্য এগৰাকী ছাত্ৰী । ছাত্ৰীগৰাকীক লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও পাছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।
বিবাহৰ প্ৰস্তাৱ অস্বীকাৰ কৰাৰ বাবেই ছাত্ৰী গৰাকীক অাক্ৰমন কৰিলে বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে । অাক্ৰমন কাৰীক অাহত ছাত্ৰী গৰাকীয়ে চিনাক্ত কৰিছে বুলি জানিব পৰা গৈছে। বান্দৰদেৱা আৰক্ষীয়ে চুবুৰীয়া ৰাজ্য অৰুনাচলত যুৱক দুজনক গ্ৰেপ্তাৰ কৰি লক্ষিমপুৰলৈ অনা হৈছে। আৰক্ষীৰ তদন্ততহে সকলো তথ্য পোহৰলৈ আহিব ।