চিৰসেউজ গায়িকা লতা মংগেশকাৰে নিজৰ প্ৰকাশ নোহোৱা গীত এটি প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীলৈ কৰিলে উচ্ছৰ্গা ।গীতটি "থন গয়ী,ম'ত চে থন গয়ী"।গীতটোৰ কথা লিখিছিল বাজপেয়ীয়ে,কণ্ঠ দিছে লতা মংগেশকাৰ আৰু মিউজিকত কাম কৰিছে ময়ূৰেশ পায়।ভাৰতৰত্ন প্ৰাপ্তী মংগেশকাৰে টুইটাৰ যোগেদি মত প্ৰকাশ কৰিছে যে,লতা মংগেশকাৰে বাজপেয়ীক দাদা বুলি সম্বোধন কৰিছিল,আৰু কৈছে যে,তেওঁৰ দাদ অৰ্থাৎ বাজপেয়ী এগৰাকী সাধুপুৰুষ আছিল,হিমালয়ৰ দৰে ওখ আৰু গংগাৰ দৰে পবিত্ৰ আছিল।তেওঁৰ লিখা কবিতা সমূহ যেতিয়া লতা মংগেশকাৰে ৰেকৰ্ড কৰিছিল তাৰে মাজত এই কবিতাটি সেই কবিতা সমূহৰ মাজত নাছিল।এই কবিতা সমূহৰ জৰিয়তে তেওঁৰ স্মৃতিক অৰ্পন কৰিছে বুলি মত প্ৰকাশ সুকণ্ঠী গায়িকা গৰাকীৰ।
লতা মংগেশকাৰে নিজৰ প্ৰকাশ নোহোৱা গীত এটি প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীলৈ উচ্ছৰ্গা

Next Story