Begin typing your search above and press return to search.

লভ আজ কল টুত দেখিবলৈ পোৱা নাযাব বলীউডৰ অভিনেতা চৈইফ আলি খানক

লভ আজ কল টুত দেখিবলৈ পোৱা নাযাব বলীউডৰ অভিনেতা  চৈইফ আলি খানক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 April 2019 1:00 PM GMT

বলীউডৰ শেহতীয়া তথ্যমতে ইমতিয়াজ আলিৰ চৰ্চিত ছবি লভ আজ কল ২ ত দেখিবলৈ পোৱা নাযাব চেইফ আলী খানক। কাৰণ বিগত সময়ত সাৰা আলি খান আৰু লুকা চুপীৰ অভিনিতা কাৰ্তিক আয়ানৰ অভানীত লভ আজ কল টু ত চেইফ আলী খানক দেখিবলৈ পোৱা নাযাব ৷

কিন্তু সদ্যহতে সেই খবৰ নাকচ কৰে চেইফ আলি খানে। ইফালে লভ আজ কল প্ৰথম চিকুৱেলত অভিনয় কৰিছিল চেইফ আলি খানে ৷আৰু লভ আজ কল টুত অভিনয় কৰিব চেইফ আলি খান আৰু অমৃতা সিঙৰ পুত্ৰী সাৰা আলি খানে ৷ সম্প্ৰতি চৰ্চাৰ শীৰ্ষত লভ আজ কল টু প্ৰত্যেক দিনেই সাৰা আৰু কাৰ্তিকে ছ’চিয়েল মিডিয়াৰ জৰিয়তে সকলো খবৰ জনাই থাকে অনুৰাগীক।

কাৰ্তিক আয়ান আৰু সাৰা আলী খানে অভিনয় কৰা ছবিখনক লৈ উৎসুক চলচ্চিত্ৰ প্ৰেমীসকল ৷ কিন্তু সম্প্ৰতি লভ আজ কল ২ ছবিখনত সাৰা আলী খানৰ উপৰিও অন্য এগৰাকী নায়িকা থকাৰ তথ্য পোৱা গৈছে ৷ ছবিখনৰ দৃশ্যগ্ৰহণৰ দিল্লীৰ সূছী সম্প্ৰতি শেষ হৈছে ৷

সেয়েহে এটি পাৰ্টিৰ আয়োজন কৰিছিল ছবিখনৰ কলা কুশলী সকলে ৷ এই পাৰ্টিত ইমতিয়াজ আলী আৰু কাৰ্তিক আয়ানে যথেষ্ঠ আনন্দ কৰা দেখা গৈছে ৷ ইমতিয়াজ আলীয়ে লভ আজ কল টুৰ চিকুৱেল নিৰ্মাণ কৰিছে ৷ ছবিখনত কাৰ্তিক আয়ানৰ আৰু সাৰা আলী খানে মুখ্য ভূমিকা গ্ৰহণ কৰিছে ৷অৱশ্যে ছবিখনৰ নামৰ ক্ষেত্ৰত এতিয়াও সিদ্ধান্তলৈ অহা নাই ছবিখনৰ নিৰ্মাতাসকল ৷ কিন্তু ছবিখনৰ নাম লভ আজ কল ২ হ’ব বুলিয়ে জানিব পৰা গৈছে ৷

ছবিখনত সাৰা আলী খানৰ উপৰিও কাৰ্তিক আয়ানে দুগৰাকী হিৰোইনৰ লগত ৰোমাঞ্চ কৰিব বুলি খবৰ চৰ্চা লাভ কৰিছে ৷ ইফালে ছবিখনত অভিনয় কৰা বাকী হিৰোইন দুগৰাকী কোন সেয়া সম্প্ৰতি জানিব পৰা হোৱা নাই ৷অন্যহাতে লভ আজ কল ২ মুক্তি পাব ২০২০ চনৰ “ভেলেন্টাইন ডে”ত ৷

ইফালে সাৰা আলী খানে বা কাৰ্তিক আয়ানে প্ৰায়ে লভ আজ কল ২ৰ দৃশ্য গ্ৰহণ সময়ৰ বিভিন্ন অনুৰাগীলৈ আগবঢ়াই ৷ অন্যহাতে কাৰ্তিক আয়ানৰ প্ৰতি সাৰা আলী খানৰ দুৰ্বলতাৰ কথাও চৰ্চিত হৈ আছে এই সময়ত ৷ কেদাৰনাথৰ জৰিয়তে বলীউডত পদাৰ্পন কৰা অভিনেত্ৰী সাৰা ৰনৱীৰ সিঙৰ লগত ৰোহিত চেট্টীৰ চিম্বাত অভিনয় কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷

অন্যহাতে এটা ৰেডিঅ’ জ’কী অনুষ্ঠানত কৰীনা কাপুৰ খানে সাৰা আলী খান সৌন্দৰ্য লগতে বুদ্ধিমত্তাৰ সংযোজন বুলি মন্তব্য কৰে ৷লগতে কয় যে,দেশ বিদেশৰ প্ৰত্যেকটো খবৰ ৰাখে সাৰা আলী খানে ।সততে দেখা যায় যে,অভিনেতা অভিনেত্ৰীসকলৰ সাধাৰণ জ্ঞানৰ ভাণ্ডাৰ তেনেই নগণ্য হয় । যাৰ কাৰণে প্ৰায়ে ছ’চিয়েল মিডিয়াত অভিনেতা অভিনেত্ৰীসকলৰ চৰ্চাৰ সন্মুখীন হয়।

ইফালে চেইফ আলি খান জীয়ৰী সাৰা আলি খানে ইমতিয়াজ আলি খানৰ লগত অভিনয় কৰাৰ কাৰণে বহু উৎসাহিত ৷ লগতে ছবি খনৰ কলা কুশলী সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰে চেইফ আলী খানে।

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story
চাকৰি