Begin typing your search above and press return to search.

লাইমলাইটৰ পৰা দূৰত থাকে এইসকল বলীউডৰ দম্পতী

লাইমলাইটৰ পৰা দূৰত থাকে এইসকল বলীউডৰ দম্পতী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Feb 2019 11:56 AM GMT

সততে দেখা যায় বলীউডৰ (Bollywood) প্ৰায় সংখ্যক বি টাউন চেলীব্ৰেটী লাইমলাইটত থাকে ৷প্ৰত্যেক ক্ষেত্ৰতে চৰ্চাৰ শীৰ্ষত থাকিবলৈ তেওঁলোকে পাৰ্যমানে চেষ্টা কৰে ৷ কেতিয়াবা যদি পাৰ্টিত ,কেতিয়াবা আকৌ ভ্ৰমণলৈ যাঁওতেও তেওঁলোকে অনুৰাগীসকলক প্ৰতিটো খবৰ দিবলৈ নাপাহৰে ৷ইনষ্ট্ৰাগ্ৰাম,ফেচবুক, টুইটাৰৰ জৰিয়তে তেওঁলোকৰ প্ৰত্যেকটো খবৰ দিবলৈ নাপাহৰে বলীউডৰ চেলীব্ৰেটীসকলে ৷কিন্তু বলীউডৰ এনে কিছু চেলীব্ৰেটী দম্পতী আছে,যিয়ে নিজক চৰ্চাৰ পৰা দূৰত ৰাখে,লাইমলাইটৰ পৰা দূৰত ৰাখে ৷আজি আমি লাইমলাইটৰ পৰা আঁতৰত থকা বলীউডৰ দম্পতীৰ বিষয়ে জানো আহক :

অমৃতা আৰোৰা

কৰীণা কাপুৰৰ বেষ্ট ফেণ্ড তথা বলীউডৰ অভিনেত্ৰী অমৃতা আৰোৰা আৰু অমৃতাৰ স্বামী শকীল লড়ক সততে লাইমলাইটৰ পৰা আঁতৰত থাকে ৷লগতে কৰীণা ,অমৃতা,মলাইকা আৰোৰা আৰু কৰীশ্মা কাপুৰে সততে বিভিন্ন পাৰ্টিত অংশ লয়। প্ৰায়ে দেখা যায় যে, ভগ্নী মলাইকা আৰোৰাৰ সৈতেও বিভিন্ন পাৰ্টিত দেখা যায় অমৃতা আৰোৰাক ৷কিন্তু স্বামী শকীলৰ সৈতে অতি সীমিত সময়তহে দেখা যায় অমৃতাক ৷

ৰাণী মুখাৰ্জী

বহু বিৰতিৰ পিছত যশৰাজ পৰিয়ালৰ বোৱাৰী আৰু অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে বিবাহ পাশত আৱদ্ধ হয় আদিত্য চোপ্ৰাৰ সৈতে ৷অন্যহাতে,বিয়াৰ বহু বছৰৰ পিছতো আদিত্য চোপ্ৰা আৰু ৰাণীক একেলগে প্ৰত্যক্ষ নকৰে অনুৰাগী সকলে ৷ইয়াৰোপৰি ৰাণী মুখাৰ্জী আৰু আদিত্য চোপ্ৰাৰ জীয়ৰীৰ জন্ম দিনটোতে দেখা ন’গল দুয়োকে ৷ ৰাণীয়ে বিয়াৰ পিছত ছবি জগতৰ লগত জৰিত হৈ বিভিন্ন ছবিত অভিনয় কৰে৷সদ্যহতে বলীউডৰ বহু চেলীব্ৰেটীয়ে বিবাহ পাশত আৱদ্ধ হ’ল৷কিন্তু ৰাণী আৰু আদিত্যক কিন্তু দুয়োকে একেলগে ক’তো দেখা নাপালে অনুৰাগীয়ে ৷

জন আব্ৰাহাম

বলীউডৰ জনপ্ৰিয় অভিনেতা জন আব্ৰাহাম আৰু পত্নী প্ৰিয়াংকাক একেলগে দেখিবলৈ নাপায় অনুৰাগী সকলে ৷পৰমাণু,সত্যমেৱ জয়তেৰ দৰে ছুপাৰ হিট ছবি বলীউডক উপহাৰ দিয়া অভিনেতা জন আব্ৰাহাম অতি জনপ্ৰিয় নৱ প্ৰজন্মৰ অভিনেতা অভিনেত্ৰী সকলৰ মাজত। কিন্তু বলীউডৰ যিকোনো পাৰ্টি অথবা বিবাহত জন আৰু পত্নী প্ৰিয়াংকা দুয়োকে অতি সীমিত পৰিমাণে একেলগে দেখা যায় ।

সোনালী ব্ৰেন্দ্ৰে

বলীউডৰ মোহময়ী অভিনেত্ৰী সোনালী ব্ৰেন্দ্ৰে আৰু স্বামী গোল্ডী বহলকো কম পৰিমাণে প্ৰত্যক্ষ কৰে দুয়োকে ৷উল্লেখ্য যে,গোল্ডী হ’ল ছবি নিৰ্মাতা আৰু নিৰ্দেশক ৷সোনালী বেন্দ্ৰে সততে কিছু অনুষ্ঠানলৈ যায় যদিও গোল্ডী লাইমলাইটৰ পৰা দূৰত থাকে ৷ কিন্তু বিগত বৰ্ষত সোনালী বেন্দ্ৰে কেন্সাৰ ৰোগত আক্ৰান্ত হোৱাৰ পিছতহে কেমেৰাৰ সন্মুখত আহে গোল্ডী ৷

দিয়া মিৰ্জা

বলীউডৰ সুন্দৰী অভিনেত্ৰী দিয়া মিৰ্জা আৰু স্বামী চাহিল সিংঘলাই বিবাহ পাশত আৱদ্ধ হয় ২০১৪ চনত । বিয়াৰ পিছত দিয়াই বিভিন্ন ইভেন্টত অংশ লয় যদিও কিন্তু লগত দেখা নাযায় চাহিলক। সঞ্জু ছবি খনতো দিয়াই উল্লেখযোগ্য চৰিত্ৰত অভিনয় কৰিছিল ৷ কিন্তু দিয়া মিৰ্জাৰ স্বামী চাহিল সিংঘলা দূৰত থাকে লাইমলাইটৰ পৰা ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story