Top
Begin typing your search above and press return to search.

লামডিং সাউথহিল কলনীত চুৰিকাণ্ড

লামডিং সাউথহিল কলনীত চুৰিকাণ্ড

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Sep 2018 9:45 AM GMT

ৰেলনগৰী লামডিঙত বিগত এটা মাহত বিভিন্ন স্থানত চোৰে উপদ্ৰৱ চলাই আহিছে ৷ আনকি লামডিং আৰক্ষী চকীৰ পৰা ১০০ মিটাৰ দূৰত্বৰ ব্যৱসায়ী প্ৰতিষ্ঠানতো চোৰে নিজৰ হাত চাফাই কৰিছে ৷ যোৱা ১১ তাৰিখে লামডিঙৰ লো'ক কলনিত ৰাইজে ৩টা চোৰ আটক কৰি আৰক্ষীক গটাইছিল ৷ কিন্তু আজি পুৱতি নিশা লামডিং সাউথহিল কলনিত পুনৰ তিনিটা চোৰ আটক হ'ল ৰাইজৰ হাতত ৷ এখন ব্যৱসায়ী প্ৰতিষ্ঠানত চোৰ কৰি পলাব লওতেই ৰাইজে চুৰি সামগ্ৰী সহ আটক কৰে ৷ আটক কৰি তিনিওকে উত্তম মাধ্যম সোধায় আৰু খুঁটা বান্ধি থয় ৷ দুটা চোৰৰ মূৰ ফাটি তেজ ওলোৱা দেখিবলৈ পোৱা গৈছে ৷ মাৰৰ কোৱত চোৰ কেইটাই চিকাৰ কৰে যে বিগত দিনত লামডিং বজাৰৰ বিভিন্ন স্থানৰ সৈতে লামডিঙৰ আৰু বহুতো ঠাইত চোৰ কৰিছিল ৷ আৰক্ষীৰ কাম যেন এতিয়া ৰাইজে কৰিব লগা হৈছে ৷ আৰক্ষীয়ে ইমান দিনে আটক কৰিব নোৱাৰা চোৰক স্থানীয় ৰাইজে আটক কৰিছ ৷

Next Story