হোজাই জিলাৰ পাগলা নদীৰ পানী বৃদ্ধি পোৱাত প্লাৱিত হৈছে লামডিঙৰ বৃহৎ অঞ্চল।।বুধবাৰে পুৱতি নিশা বাঢ়নী পানী হঠাৎ বুৰাই পেলাই ৰ বৃহৎ অঞ্চল।বৰ্তমান পানীৰ তলত লামডিঙ শংকৰ পট্টি, ঝুলন পুল , নদীৰ পাৰ, চান্দ মাৰি আদি অঞ্চল সমূহ ।পাগলা নদীৰ বাঢ়নী পানীৰ কুবাল সোঁতত উটি গৈছে বহু পৰিয়ালৰ মূল্যবান সা সামগ্ৰীও।৷কেইবাটাও পৰিয়াল হৈ আছে জলবন্দীও ।বানপানীৰ কৱলত পৰা প্ৰায় ২০০ টা পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ।কিন্তু বৰ্তমানলৈকে খবৰ নাই প্ৰশাসনৰ ।ফলত ৰাইজৰ মাজত সৃষ্টি হৈছে ক্ষোভ আৰু প্ৰতিক্ৰিয়াৰ।অন্যহাতে হঠাৎ বানপানীৰ কৱলত পৰা বৃহত্তৰ অঞ্চলটোৰ বহু পৰিয়ালে ঘৰৰ পৰা একো সা সামগ্ৰী ওলোৱাব নোৱাৰাত এনেদৰে ভাগি পৰা দেখা গৈছে।লক্ষণীয় যে লামডিংৰ পাগলা নদীৰ লগত ধনশিৰী আৰু দৈয়াং নদী সংলগ্ন হৈ আছে।।
Begin typing your search above and press return to search.