Begin typing your search above and press return to search.
লামডিঙত বিদ্যুত পৰিবাহী তাঁৰ চিঙি চাৰিজন আহত

লামডিঙৰ কছাৰী গাৱত আজি পুৱাই সংঘটিত হ'ল এক শিহৰণকাৰী ঘটনা ৷ হঠাতে বিদ্যুত পৰিবাহী তাঁৰ চিঙি চৰ্টচাৰ্কিত হৈ ঘৰত লাগে জুই ৷ হঠাতে লগা জুইত ঘৰটোৰ সকলো সামগ্ৰী জ্বলি ভষ্মীভূত হোৱাৰ বিপৰীতে ঘৰতে থকা ৪ গৰাকী গুৰুত্বৰ ভাৱে আহত হয় ৷ আহত সকলৰ ভিতৰত উৰ্মিলা দেৱী(৩২) বিন্দু দেৱী(৩০) জ্যোতি কুমাৰী(১২), ৰশ্নি কুমাৰী (৩) ৷ চাৰিওকে ততাতৈয়াকৈ লামডিং সমূহীয়া চিকিৎসালয়লৈ নিয়ে যদতি অৱস্থা অতি সংকটজনক হোৱাৰ হেতুকে ডিফু অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
Next Story