Begin typing your search above and press return to search.
লামডিঙত ৰেলৱে সুৰক্ষা বাহীনিৰ প্ৰতিষ্ঠা দিৱস পালন

হোজাই জিলাৰ লামডিঙত ৰেলৱে সুৰক্ষা বাহীনিৰ প্ৰতিষ্ঠা দিৱস অতি উলহ-মালহেৰে পালন কৰা হয় ৷ ৰেলবিভাগৰ এটি গুৰুত্বপূৰ্ণ অংগ ৰেলৱে সুৰক্ষা বাহীনি ৷ চলন্ত ৰেল তথা ৰেলৰ সীমাবদ্ধতাৰ ভিতৰতে আৰক্ষীৰ ভূমিকা পালন কৰি আহা এই সুৰক্ষাবলে লামডিঙত পালন কৰে প্ৰতিষ্ঠা দিৱস ৷ লামডিং আৰ পি এফৰ উদ্যোগত লামডিঙত উদাযাপন কৰা হয় এই প্ৰতিষ্ঠা দিৱস ৷ লামডিঙৰ 2nd RPSF ৰ প্ৰেৰেড গ্ৰাওণ্ডত লামডিং অতিৰিক্ত মাণ্ডলিক প্ৰৱন্ধক তথা মাণ্ডলিক আৰক্ষী আয়ুক্তৰ উপস্থিতিত জোৱান সকলে প্ৰেৰেড কৰাৰ লগতে কৰ্মৰত আৰক্ষীৰ কুকুৰেও নিজৰ কৰ্তব দেখুৱাই ৷ লামডিং মণ্ডলৰ সকলো জোৱান আৰু বিষয়া ববীয়াই অংশ গ্ৰহন কৰে এই অনুষ্ঠানত ৷
Next Story