Begin typing your search above and press return to search.

লোকসভা নিৰ্বাচনৰ অসমৰ ৫ আসনৰ অধিসূচনা জাৰি কৰে নিৰ্বাচনী আয়োগে

লোকসভা নিৰ্বাচনৰ অসমৰ ৫ আসনৰ অধিসূচনা জাৰি কৰে  নিৰ্বাচনী আয়োগে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 March 2019 7:11 AM GMT

ৰাজ্যত অনুষ্ঠিতত হব লগা লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ অধিসূচনা জাৰি কৰে নিৰ্বাচনী আয়োগে । দ্বিতীয় পৰ্যায়ত ৫ টা সমষ্টিত অনুষ্ঠিত হব লগা লোকসভা নিৰ্বাচনৰ সোমবাৰে অধিসূচনা জাৰি কৰে নিৰ্বাচনী আয়োগে । দ্বিতীয় পৰ্যায়ত কৰিমগঞ্জ, শিলচৰ, স্বায়ত্ত শাসিত পৰিষদ( ডিফু) , মংগলদৈ আৰু নগাঁওত ভোট গ্ৰহণ অনুষ্ঠিত হব ।

মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ২৬ মাৰ্চ আৰু ২৭ মাৰ্চত পৰীক্ষা কৰা হব মনোনয়ন পত্ৰ সমূহ। ২৯ মাৰ্চত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন । দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ১৮ এপ্ৰিলত অনুষ্ঠিত হব আৰু ২৩ মে ভোট গণনা কৰা হব ।

দেওবাৰে প্ৰথম পৰ্যায়ত অনুষ্ঠিত হব লগা ৫ টা সমষ্টিৰ নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিছিল নিৰ্বাচনী আয়োগে । প্ৰথম পৰ্যায়ত ডিব্ৰুগড়,যোৰহাট, কলিয়াবৰ, লক্ষিমপুৰ আৰু তেজপুৰত ভোট গ্ৰহণ অনুষ্ঠিত হব। প্ৰথম পৰ্যায়ত ৫ টা সমষ্টিৰ বাবে ১১ এপ্ৰিলত অনুষ্ঠিত হব ভোট গ্ৰহণ ।

ইতিমধ্যে কংগ্ৰেছে ৰাজ্যৰ ১০ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে । ডিফুত বীৰেন সিং ইংটি, মংগলদৈৰ পৰা ভূবেনশ্বৰ কলিতা, তেজপুৰত এম জি ভি কে ভানু, নগাঁওত প্ৰদ্যুত বৰদলৈ,লক্ষিমপুৰত অনিল বৰগোহাঞি, কৰিমগঞ্জত স্বাৰূপ দাস, শিলচৰত সুস্মিতা দেব, কলিয়াবৰত গৌৰব গগৈ, যোৰহাটত সুশান্ত বৰগোহাঞি আৰু ডিব্ৰুগড়ত পবন সিঙ ঘাটোৱাৰক প্ৰাৰ্থীত্ব প্ৰদান কৰে ।

আনহাতে অসম গন পৰিষদে দুই এদিনৰ ভিতৰতে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব বুলি প্ৰকাশ কৰে । মিত্ৰগোট চৰকাৰৰ ৩ টা লোকসভা সমষ্টি অগপক দিয়া হৈছে । কলিয়াবৰ, ধুবুৰী আৰু বৰপেটাৰ পৰা অগপয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰিব । কলিয়াবৰৰ পৰা মনি মাধৱ মহন্তক প্ৰাৰ্থীত্ব প্ৰদানৰ সম্ভাৱনা আছে । মনি মাধৱ মহন্তয়ে আঞ্চলিক দল অগপত বুধবাৰে আনুষ্ঠানিক ভাৱে যোগদান কৰিব । ধুবুৰীৰ পৰা প্ৰাক্তন বৰপেটাৰ বিধায়ক যাবেদ ইছলাম অথবা সাংসদ দিপক দাসক প্ৰাৰ্থীত্ব দিয়া ৰ সম্ভাৱনা আছে ।

আনহাতে বি পি এফে ইতিমধ্যে কোকৰাঝাৰৰ পৰা প্ৰমীলা ৰানী ব্ৰহ্মাক প্ৰাৰ্থীত্ব প্ৰদান কৰে ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি