Begin typing your search above and press return to search.
লোকসভা নিৰ্বাচন : অভিনেতা চানী দেউলৰ পাছত দালেৰ মেহেন্দী বিজেপিত যোগদান

চলিত সপ্তাহতে জনপ্ৰিয় অভিনেতা চানী দেউলে বিজেপিত যোগদান কৰাৰ পিছত গায়ক দালেৰ মেহেন্দীয়ে আজি বিজেপিত যোগদান কৰে ।
দিল্লীৰ বিজেপিৰ প্ৰাৰ্থী অথা গায়ক হাঞ্চ ৰাজ হাঞ্চৰ উপস্থিতত দালেৰ মেহেন্দীয়ে আজি বিজেপিত যোগদান কৰে ।কিন্তু বৰ্তমানলৈকে দালেৰ মেহেন্দীয়ে নিৰ্বাচনত প্ৰতিদন্দ্বিতা কৰিব নে নকৰে সেয়া নিশ্চিত নহয় ।
২০১৩ চনত দালেৰ মেহেন্দীয়ে কংগ্ৰেছত যোগদান কৰিছিল । বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছত যোগদান কৰিছিল দালেৰ মেহেন্দীয়ে । দলৰ বাবে নিৰ্বাচনী প্ৰচাৰ সংগীত পৰিচালনা কৰিছিল ।
১৯৯০ চনত তেওঁ যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।" ৰাং দে বসন্তি" ছবি খনতো গীত গাইছিল দালেৰ মেহেন্দীয়ে ।
এই সপ্তাহতে জনপ্ৰিয় অভিনেতা চানী দেউলে বিজেপি ত যোগদান কৰিছিল । দুজন কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত চানী দেউলে বিজেপিত যোগদান কৰে।
অধিক খবৰৰ বাবে পঢ়ক:শীৰ্ষ বাতৰি
Next Story