লোকসভা নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু যোৰহাট

লোকসভা নিৰ্বাচনৰ বাবে এমাহ বাকী। নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ইতিমধ্যে ৰাজ্যৰ প্ৰায়বোৰ সমষ্টিয়ে সাজু হৈ পৰিছে । যোৰহাটতো ইতিমধ্যে লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈ পৰিছে বুলি যোৰহাটৰ লোকসভা সমষ্টিৰ ৰিটাৰনিং অফিচাৰ ৰশ্নি অপৰানজিতা কৰাটিয়ে প্ৰকাশ কৰিছে ।
যোৰহাট লোকসভা সমষ্টিত ১,৭৫৩ টা নগৰ কেন্দ্ৰিক আৰু গ্ৰাম্য কেন্দ্ৰীক ভোট গ্ৰহণ কেন্দ্ৰ আছে । প্ৰায় ৬,৮২,৮৯০ পুৰুষ ভোটাৰ থকাৰ বিপৰিতে ৬,৬০,৯৮৫ মহিলা ভোটৰ আছে । ৭ জন ডি- ভোটাৰ আৰু ৪,৪৩২ কৰ্মচাৰী ভোটাৰ আৰু ৫,৩৪২ বিশেষ ভাবে সক্ষম ভোটাৰ আছে । যোৰহাট লোকসভা সমষ্টি ৰ ৰিটাৰনিং অফিচাৰ ৰশ্নি অপৰানজিতা কৰাটিয়ে বুধবাৰে জিলাধিপতি কাৰ্যালয়ৰ কনফৰেন্স হলত এক সংবাদমেল সম্বোধন কৰি এই তথ্য দিয়ে ।
সংবাদমেলত ৰিটাৰনিং অফিচাৰ ৰশ্নি অপৰানজিতা কৰাটিৰ লগতে যোৰহাটৰ আৰক্ষী অধীক্ষক বৈভব নিমবালকাৰ, নিৰ্বাচনী বিষয়া তপন গগৈ আৰু ডি আই পি আৰ অ সাৰদি গগৈ উপস্থিত থাকে ।
আৰক্ষীৰ অধীক্ষকে প্ৰকাশ কৰিছে যে ১,৭৫৩ টা ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত ৩৩ টা স্পৰ্শকাতৰ কেন্দ্ৰ আৰু ৩৭ টা অসুৰক্ষিত কেন্দ্ৰ ।
যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত ১০ টা সংসদীয় বিধানসভা সমষ্টি অন্তভূক্ত । যোৰহাট, তিতাবৰ, মৰিয়ানি, তিয়ক, আমগুৰি, নাজিৰা, মহমৰা, সোনাৰি, থাওৰা, শিবসাগৰ।
লগতে ৰিটাৰনিং অফিচাৰ গৰাকীয়ে প্ৰকাশ কৰিছে যে অসমীয়া অভিনেত্ৰী গিতাৱলী ৰাজকুমাৰীয়ে জিলা খনৰ কেইবাটাও প্ৰচাৰ অভিযানত অংশগ্ৰহন কৰিব । গিতাৱলী ৰাজকুমাৰীক এম্বেচাডৰ হিচাপে নিয়োজিত কৰিছে । ১২ টা কেম্পাচ, ১২ টা ইষ্টিটিউডত প্ৰথম ভোটাৰ সকলক আকৰ্ষিত কৰিবলৈ প্ৰচাৰ কৰিব অভিনেত্ৰী গৰাকীয়ে ।