শান্তিপূৰ্ণ ভাৱে অনুস্থিত হ’ল মিজোৰাম বিধানসভা নিৰ্বাচন

শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত হ’ল মিজোৰাম বিধানসভা নিৰ্বাচন।বুধবাৰে প্ৰায় ৮০ শতাংশ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে মিজোৰামত ৷ কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নোহোৱাকৈ নিৰ্বাচনৰ নামত সাধাৰণ জনসাধাৰণক হাৰাশাস্তি নকৰাকৈ মিজোৰামে যেন দেশৰ জনগণক শিকাই গ’ল যে,কেনেকৈ শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি ৷
অন্যহাতে,এক সমীক্ষা অনুসৰি মিজোৰামত এইবাৰ বিগত বছৰসমূহতকৈ ভোটাধিকাৰকৈ হ্ৰাস পাইছে ৷ ৰাজ্যখনত ২০০৮ চনৰ বিধানসভা নিৰ্বাচনত ৮২.৩৫ শতাংশ ভোটাৰে ভোটাধিকাৰ সাৱ্যস্ত কৰিছিল। ২০১৩ চনত ৮৩.৪১শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল ৷ইয়াৰ বিপৰীতে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত মিজোৰামত প্ৰায় ৬১.০৬ শতাংশ ভোটাৰে ভোটাধিকাৰে সাৱ্যস্ত কৰিছিল ৷ উল্লেখ্য যে,মিজোৰাম নিৰ্বাচনত প্ৰায়,৭,৭০,৩৯৫ জন ভোটাধিকাৰৰ ভিতৰত মহিলা আছিল ৩,৯৪,৮৯৭ গৰাকী৷ইফালে,নিৰ্বাচনত ২০৯ জন প্ৰাৰ্থীৰ ভিতৰত ১৫ গৰাকী আছিল মহিলা ৷
উল্লেখ্যযোগ্য যে,মিজোৰামত বুধবাৰে অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত মুঠ ৪০ খন আসনৰ বাবে অনুষ্ঠিত হোৱা ভোটগ্ৰহণ আৰম্ভ হৈছিল পুৱা সাত বজাৰ পৰা ৷ ৰাজ্যখনত, কংগ্ৰেছ,বিজেপি আৰু এম এন এফৰ মাজত হৈছে নিৰ্বাচনী যুঁজ। ৰাজ্যখনত কংগ্ৰেছ আৰু এম এন এফ অৰ্থাৎ মিজো নেশ্যনেল ফ্ৰটে আটাইকেইটা সমষ্টিতে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিপৰীতে ৩৯ খনত বিজেপিয়ে আৰু জেদ পি এম অৰ্থাৎ জোৰাম পি’পল ম’ভমেন্টে ৩৭ খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷
মুখ্যমন্ত্ৰী লালথানহাৱলাই তৃতীয়বাৰৰ বাৰে মুখ্যমন্ত্ৰীৰ পদ দখলৰ বাবে যুঁজ দিয়াৰ লগতে কংগ্ৰেছক ওফৰাবলৈ যুঁজত অৱতীৰ্ণ হৈছে বিজেপি । আনহাতে,এইবাৰ বিধানসভা নিৰ্বাচন বিজেপিৰ কাৰণে বিশেস তাৎপৰ্যপূৰ্ণ হিচাপে প্ৰতিপন্ন হৈছে৷ কাৰণ উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত একমাত্ৰ মিজোৰামতে আছে কংগ্ৰেছ ৷গতিকে এইবাৰৰ মিজোৰামৰ বিধানসভা নিৰ্বাচন বিজেপিৰ কাৰণে হ’ব বিশেষভাৱে লক্ষ্যনীয় ৷
অন্য খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি