শাস্ত্ৰীয় সঙ্গীতেৰে মুখৰ হ'ল গুৱাহাটী জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহ

বিদূষী কমলা বোসৰ পবিত্ৰ সোৱৰণঁত ব্ৰহ্মপুত্ৰ শাস্ত্ৰীয় সঙ্গীত সমিতিৰ উদ্যোগত শনিবাৰে গুৱাহাটী জিলা পুথিভঁৰালত অনুষ্ঠিত হয় সপ্তম বাৰ্ষিক শাস্ত্ৰীয় সঙ্গীত সমাৰোহ ।
সংগীতময় পৰিৱেশত অনুষ্ঠিত এই সমাৰোহত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অভিশ্ৰুতি বেজবৰুৱাই সুন্দৰ শাস্ত্ৰীয় সংগীত পৰিৱেশন কৰাৰ লগতে যশস্বী বাঁহীবাদক দীপক শৰ্মাৰ ৰাগ সন্মিলিত বাঁহীৰ সুৰে সঙ্গীত সন্ধিয়াটি জীপাল কৰি তোলে।
গাম্ভীৰ্যপূৰ্ণ শাস্ত্ৰীয় সঙ্গীত অনুষ্ঠানটোত আকাশবাণী গুৱাহাটীৰ উপ সঞ্চালক দিলীপ কুমাৰ দাস মুখ্য অতিথি হিচাপে উপস্থিত থাকে লগতে আমন্ত্ৰিত শিল্পী হিচাপে অনুষ্ঠানত দিল্লীৰ সংগীত শিল্পী পণ্ডিত নৰেশ মলহোট্ৰাই সংগীত পৰিৱেশন কৰে আৰু তেওঁক সহযোগ কৰে তবলা বাদক অনুপ বেনাৰ্জীয়ে।
উক্ত অনুষ্ঠানত কেইজনো নৱপ্ৰজন্মৰ প্ৰতিভাবান তৰুণ তৰুণীয়ে শাস্ত্ৰীয় সঙ্গীত পৰিৱেশন কৰে। উল্লেখযোগ্য যে এই অনুষ্ঠানতে দিনৰ ভাগত শাস্ত্ৰীয় সঙ্গীত আৰু তবলা বাদনৰ প্ৰতিযোগিতা এখনো আয়োজন কৰিছিল উদ্যোগতা সকলে।