Top
Begin typing your search above and press return to search.

শিলচৰত অনুচৰে হত্যা কৰিলে এজনক

শিলচৰত অনুচৰে হত্যা কৰিলে এজনক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Oct 2018 7:54 AM GMT

শিলচৰৰ বিশিষ্ট ক্ৰীড়া সংগঠক তথা শিলচৰ নাৰ্চিং স্কুলৰ প্ৰাক্তন অধ্যক্ষ সমৰেন্দ্ৰ ভট্টাচাৰ্যক শুকুৰবাৰে নিশা প্ৰায় ১২ বাজি ৫ মিনিটত নিজ বাসগৃহতে তেওঁৰে এগৰাকী অনুচৰে চুৰিৰে আক্ৰমন কৰি হত্যা কৰাৰ চেষ্টা কৰে ।

সংকটজনক অৱস্থাত সমৰেন্দ্ৰ ভট্টাচাৰ্যক শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও নিশা প্ৰায় ২ বাজি ১৫ মিনিটত ব্যক্তিগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে । আৰক্ষীয়ে হত্যাকাৰী সঞ্জয় আচাৰ্য্যক শিলচৰ ৰেল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

সমৰেন্দ্ৰ ভট্টাচাৰ্য কৰ্কট ৰোগৰ ৰোগী আছিল বুলি জানিব পৰা গৈছে। হত্যাকাৰী সঞ্জয় আচাৰ্য্য তেওঁৰ চোৱাচিতা দায়িত্বত আছিল । বিশিষ্ট ব্যক্তিগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে শিলচৰত ।

Next Story