Begin typing your search above and press return to search.

শিলনীজানত চলাচল কৰা যাত্ৰীবাহী টাটা মেজিকে যাত্ৰীৰ জীৱনকলৈ খেলিছে হেতালি

শিলনীজানত চলাচল কৰা যাত্ৰীবাহী টাটা মেজিকে যাত্ৰীৰ জীৱনকলৈ খেলিছে হেতালি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Nov 2018 6:11 AM GMT

গোলাঘাট জিলাৰ বৰপথাৰৰ পৰা শিলনীজানলৈ আৰু বোকাজানৰ পৰা শিলনীজানলৈ চলাচল কৰা যাত্ৰীবাহী মেজিকে এতিয়া যাত্ৰীৰ জীৱনকলৈ হেতালি খেলাৰ অভিযোগ উত্থাপিত হৈছে । যাত্ৰা ৰ অনুপযোগী বহু টাটা মেজিক গাড়ী প্ৰশাসনৰ সন্মুখেদিয়েই নিতৌ অত্যাধিক যাত্ৰী কঢ়িয়াই আহযাহ কৰি আছে যদিও কোনো পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই ।

অভিযোগ অনুসৰি এই জৰাজীৰ্ন টাটা মেজিক সমূহৰ যাবতীয় নথিপ্ৰত্ৰ আৰু কিছু টাটা মেজিকে বহু বছৰ ধৰি পথ কৰ আদায় নিদিয়াকৈ নিৰ্বিঘ্নে চলাচল কৰি আহিছে । ইয়াৰ উপৰিও সকলোতকৈ গুৰুত্বপূৰ্ণ কথা এই যে এই জৰাজীৰ্ন টাটা মেজিকৰ বীমা নাই । ফলত যাত্ৰীৰ নিৰাপত্তাৰ প্ৰতি এক বিৰাট ভাবুকি কঢ়িয়াই আনিছে ।

ইতিমধ্যে এনে জৰাজীৰ্ন টাটা মেজিক যাত্ৰা পথত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈ যাত্ৰী আহত হৈছে যদিও আহত যাত্ৰীয়ে উপযুক্ত ক্ষতিপূৰণ নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে । এনে জৰাজীৰ্ন মেজিকক নাকী লগাই যাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ প্ৰশাসনক কঠোৰ পদক্ষেপ লবলৈ দাবী জনাইছে সচেতন ৰাইজে ।

Next Story
চাকৰি