Begin typing your search above and press return to search.

শিৱসাগৰত ভয়াৱহ বান পৰিস্থিতি

শিৱসাগৰত ভয়াৱহ বান পৰিস্থিতি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 10:03 AM GMT

যোৱা বুধবাৰে জলসম্পদ বিভাগে প্ৰদান কৰা তথ্যানুসৰি তিনিদিনীয়া নেৰানেপেৰা বৰষুণৰ ফলত দিখৌ নদীৰ ১০৬চেণ্টিমিটাৰ আৰু নঙলামৰাৰ আমগুৰিঘাটৰ ৯৭চেণ্টিমিটাৰ বিপদসংকুল সীমাৰেখাৰ ওপৰেদি পানী বাগৰিছে।ইয়াৰ উপৰিও,কোৱঁৰপুৰ আৰু ৰূপহীমুখৰ ক্ৰমে ৯৮.৩৩চেণ্টিমিটাৰ আৰু ১০২ চেণ্টিমিটাৰলৈ পানী বাগৰিছে। ইয়াৰ ফলত বহু অঞ্চল যেনে,মেটেকা,আমগুৰিঘাট,হাটীচুক,কোৱঁৰপুৰ,নাকটানি,শান্তিপুৰ,ৰূপহীমুখ আৰু দিখৌমুখ এতিয়ালৈ বান পৰিস্থিতিৰ সন্মুখীনত ভুগি আছে।জিলা প্ৰশাসনৰ তথ্যানুসৰি ৭৫খন গাঁও বৰ্তমান পানীৰ তলত আৰু প্ৰায় ১২,০০০গাওঁবাসী আৰু ৩,২০০ পশুধনৰ ক্ষতিসাধন হৈছে বুলি মত প্ৰকাশ কৰে।

ক্ষতিসাধন হোৱা গাওঁ সমূহত শিৱসাগৰ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগ,ৰাজ্যিক অগ্নিসেৱা আৰু চিআৰপিএফে উদ্ধাৰ আৰু সাহাৰ্য্য হিচাপে কাম কৰি আছে।ৰাজহ চক্ৰ বিষয়াই বানপানী ক্ষতিসাধন হিৱা অঞ্চল সমূহৰ ভিন্ন চৰকাৰী বিদ্যালয় আৰু চৰকাৰী কাৰ্য্যালয় সমূহত সাহাৰ্য্য শিবিৰ স্থাপন কৰি দিয়াৰ লগতে চাউল,নিমখ,আৰু অন্যান্য খাদ্য সামগ্ৰী,ঔষধপাতিৰ যোগান ধৰিছে।

Next Story
চাকৰি