Begin typing your search above and press return to search.

শিৱসাগৰৰ পুৰাতত্ত্ব বিভাগৰ কৰ্য্যালয়ৰ সন্মূখত প্ৰতিবাদ

শিৱসাগৰৰ পুৰাতত্ত্ব বিভাগৰ কৰ্য্যালয়ৰ সন্মূখত প্ৰতিবাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Aug 2018 8:57 AM GMT

ব্যৱসায়িক স্বাৰ্থত তলাতল ঘৰক ৰংগমঞ্চলৈ পৰিৱৰ্তন কৰা কাণ্ডৰ প্ৰতিবাদত আজি শিৱসাগৰ নগৰৰ বৰপুখুৰী পাৰৰ পুৰাতত্ত্ব বিভাগৰ কাৰ্য্যালয়ৰ সমুখত আহোম জাতীয় গন মঞ্চই টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ।উল্লেখযোগ্য যে ব্যক্তিগত খণ্ডৰ এটা চেনেলে তলাতল ঘৰৰ চাদত এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছিল।উচ্চ প্ৰাৱল্যৰ সংগীতৰ অনুষ্ঠানটোৱে তলাতল ঘৰৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনে বুলি মঞ্চই আজি অভিযোগ কৰে আৰু পুৰাতত্ত্ব বিভাগৰ কাৰ্য্যালয়ৰ সমুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

ব্যক্তিগত খণ্ডৰ টেলেভিশ্যন চেনেলটোৱে জয়সাগৰত থকা তলাতল ঘৰত আয়োজন কৰা এক অনুষ্ঠানৰ পাছতে তাই আহোমকে ধৰি বহু কেইটা সংগঠন আৰু সচেতন ৰাইজ পৌৰাণিক সমলটোৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি উদ্বিগ্ন হৈ পৰিছিল।অনুষ্ঠানৰ বাবে চেনেলটোৱে বিভাগীয় ভাবে অনুমতি লৈছিল যদিও বিভাগটোৰ নীতি নিৰ্দেশনা সমূহ চেনেলটোৱে পালন কৰা নাছিল।এনে অৱস্থাত উপায়হীন হৈ বিভাগীয় ভাবে ৫ আগষ্টত জয়সাগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছিল অনুষ্ঠানৰ আয়োজক চেনেল কৰ্তৃপক্ষৰ বিৰূদ্ধে।লক্ষ্যণীয় যে অনুষ্ঠানটি শিৱসাগৰ আৰক্ষীৰ সহযোগত আয়োজন কৰা হৈছিল।

পুৰাতত্ত্ব বিভাগে অনুষ্ঠান তলাতল ঘৰৰ মূল স্থাপত্য এলেকাৰ বাহিৰত অনুষ্ঠিত কৰাৰ বাবে অনুমতি প্ৰদান কৰিছিল।অনুষ্ঠান আয়োজন কৰাৰ বাবে চেনেলটোক ৫০ হেজাৰ টকা জমা দিয়াৰ নিৰ্দেশ দিছিল।কিন্তু বাস্তৱত চেনেলটোৱে এই নীতি নিৰ্দেশনা মানি চলা নাছিল আৰু সকলো নীতি নিৰ্দেশনা উলংঘা কৰিছিল। চেনেলটোৰ এনে দায়িত্বহীন কাণ্ডৰ ফলত আহোম যুগৰ স্বৰ্ণিল ইতিহাসক প্রতিফলিত কৰা প্ৰসিদ্ধ তলাতল ঘৰলৈ ভাবুকি আহি পৰা বুলি অভিযোগ কৰি আজি মঞ্চই পুৰাতত্ত্ব বিভাগক শীঘ্ৰেই দোষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী কৰে। মইমতালিৰে চেনেলটোৱে ব্যৱসায়িক স্বাৰ্থত তলাতল ঘৰক এইদৰে ৰংগমঞ্চলৈ পৰিৱৰ্তন কৰা কাণ্ডৰ বাবে মঞ্চই চেনেল কৰ্তৃপক্ষৰ পৰা তেওঁলোকে কৰা নিকৃষ্ট কৰ্মৰ বাবে নিচৰ্ত ক্ষমাৰ দাবী কৰিছে।

Next Story
চাকৰি