শিৱসাগৰ আৰক্ষীৰ সহযোগত নাজিৰা আৰক্ষীয়ে ৫জনকৈ কুখ্যাত ডকাইটক শিৱসাগৰৰ মৰনৈ কিনাৰ গাঁও আৰু নাজিৰাৰ মেজেংগা গাঁওৰ পৰা যোৱা শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰে।যোৱা শনিবাৰে নিশা ডকাইটৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীৰ নেতৃত্বত এক অভিযানত চলে আৰু এই অভিযানত ৫জনকৈ ধৃত ডকাইটক গ্ৰেপ্তাৰ কৰে আনহাতে দলৰ ৭জনকৈ লোক পলাবলৈ সক্ষম হয়।এই অভিযানত (এছ-০৪-এন-০১৫০ আৰু এছ-০৪-এফ-১৬৯৪) নম্বৰৰ ব্যৱহাৰ কৰা দুখন বাহনো আৰক্ষীয়ে উদ্ধাৰ কৰে।
ইয়াৰ উপৰিও আৰক্ষীয়ে আটক কৰা ডকাইত কেইজনৰ পৰা কিছূ টকাসহ চোকা অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰা হয়।গ্ৰেপ্তাৰ কৰা ডকাইট কেইজন চিনাক্ত কৰন কৰা হৈছে,সেইকেইজন ক্ৰমে,জুবেদ হুছেইন,জেহিৰুল হুছেইন,বিকি সিং,বিল্লাল হুছেইন আৰু অজন্তা গগ।গ্ৰেপ্তাৰ কৰা ডকাইট কেইজনক শিৱসাগৰ সদৰ আৰক্ষী থানালৈ আনি অধিক তথ্য উলিয়াবৰ বাবে সোধ-পোছ কৰা হয়।