Begin typing your search above and press return to search.

শীতল যুদ্ধৰ অৱসান ঘটাই একেলগে বলীউডত দুগৰাকী ষ্টাৰ

শীতল যুদ্ধৰ অৱসান ঘটাই একেলগে বলীউডত দুগৰাকী ষ্টাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 May 2019 12:33 PM GMT

ৰাজনীতিৰ পথাৰৰ দৰে বলীউডত কেতিয়াবা বন্ধু আৰু কেতিয়াবা শত্ৰু হোৱাৰ প্ৰসংগ নতুন কথা নহয় ৷ কাৰণ কিছু বছৰৰ পূৰ্বতে ইজনে সিজনৰ শত্ৰু হোৱা ছলমান খান আৰু অভিনেতা তথা ডাইৰেক্টৰ বনী কাপুৰৰ পুত্ৰ অৰ্জুন কাপুৰে সম্প্ৰতি একেলগে একেখন ছবিত কাম কৰাৰ তথ্য পোৱা গৈছে৷ গতিকে ছলমান আৰু অৰ্জুনৰ মাজৰ এই শীতল যুদ্ধ সম্প্ৰতি যেন থমকি ৰ’ব তাৰেই উমান পোৱা গৈছে ৷

এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি এই ছবিখনৰ দৃশ্য গ্ৰহণ বছৰটোৰ শেষত আৰম্ভ হ’ব ৷ ন’ এন্ট্ৰীৰ প্ৰথমখনত যিটো চৰিত্ৰ ফাৰদীন খানে কৰিছিল ৷সেই চৰিত্ৰটোৰ কাৰণে অৰ্জুন কাপুৰক কাষ্ট কৰিব পাৰে । লগতে ছবিখনত অনিল কাপুৰকো দেখা পোৱা যাব ৷ ইফালে সম্প্ৰতি ছলমান খান আৰু অৰ্জুন কাপুৰে পূৰ্বৰ সকলো তিতা মিঠা কথা পাহৰি কেনেদৰে ছবিত আগবাঢ়ি যায় ৷ সেয়া হ’ব লক্ষ্যনীয়।

আনহাতে অৰ্জুন কাপুৰে প্ৰথমতে ছলমান খানৰ সৰু ভগ্নী অৰ্পিতা খানক ডেট কৰে। কিছু সময়ৰ পিছত অৰ্পিতাক ব্ৰেক আপ দিয়ে ৷ ইয়াৰ পিছত আৰবাজ খানৰ পত্নী মলাইকা আৰোৰাৰ সৈতে সম্পৰ্ক গঢ়ি তোলে ৷ তথ্য অনুসৰি প্ৰথমতে মলাইকা আৰোৰাৰ লগত সকলোৱে দেখা শুনাকৈ সম্পৰ্ক নকৰিছিল যদিও সম্প্ৰতি মলাইকাৰ বিবাহ বিচ্ছেদৰ পিছত তেওঁলোকৰ সম্পৰ্ক চৰ্চাত আছে ৷ ইয়াৰ পিছতেই ছলমান খান আৰু অৰ্জুন কাপুৰৰ মাজত সম্পৰ্কৰ বিচ্চেদ হয় ৷

ইফালে প্ৰথমতে ছলমান আৰু অৰ্জুন কাপুৰৰ সম্বন্ধ আছিল অত্যন্ত সুন্দৰ ৷ কাৰণ অৰ্জুণৰ ওজন হ্ৰাস কৰা,অভিনয়ৰ শিক্ষা লগতে বলীউডত প্ৰবেশ কৰাঁতো গুৰুত্ব পূৰ্ণ ভূমিকা লয় ছলমান খানে ৷ সেই সময়ত অৰ্জুন কাপুৰে ছলমান খান ভাতৃ হিচাপে সমন্ধি মাতিছিল ৷ ইফালে অনিল কাপুৰৰ জীয়ৰী সোনম কাপুৰৰ বিয়াত ছলমান খানে অৰ্জুন কাপুৰক উপেক্ষা কৰে ৷ ঠিক তেনেদৰে বহু অনুষ্ঠানত অৰ্জুন কাপুৰে ছলমান খানক এৰাই চলে ৷ সদ্যহতে অৰ্জুন কাপুৰ আৰু মলাইকা আৰোৰাৰ বিয়াৰ প্ৰসংগ চৰ্চাৰ শীৰ্ষত আছে ৷

দুয়োজন ষ্টাৰৰ প্ৰেমে সংবাদ মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে। কিন্তু শেহতীয়াকৈ প্ৰেমৰ প্ৰসংগৰ চৰ্চা লাভ কৰাৰ পিছত চৰ্চা লাভ কৰে বিবাহে ৷ মলাইকা আৰোৰা আৰু অৰ্জুন কাপুৰৰ বিবাহস্থলী,দুয়োজনে লগ কৰাৰ বিভিন্ন ঠাইয়ে অনুৰাগীসকলক বাৰুকৈয়ে উৎসুক কৰি তোলে।

প্ৰথমতে ওলোৱা এক খবৰ অনুসৰি অৰ্জুন কাপুৰ আৰু মলাইকা আৰোৰাই ১৯ এপ্ৰিলত বিবাহ পাশত আৱদ্ধ হ’ব ৷ কিন্তু এই খবৰ নসাৎ হোৱাৰ পিছত দুয়োগৰাকী প্ৰেমিক প্ৰেমিকাই জুনত বিবাহ পাশত আৱদ্ধ হোৱা খবৰ আহি পৰিছে ৷ এই সন্দৰ্ভে অৰ্জুন কাপুৰে সংবাদ মাধ্যমৰ সন্মুখত কয় যে মই সম্প্ৰতি বিয়াৰ কথা ভবা নাই ৷সম্প্ৰতি মোৰ বয়স ৩৩ বছৰ ৷ যদি মই বিয়া পাতো তেতিয়া সকলো লোকেই জালিব পাৰিব ৷কাৰণ আজি কালি কোনো কথাই লুকাই নাথাকে।

ইফালে মলাইকা আৰোৰাৰ বিবাহৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল ৷ মলাইকা আৰোৰাই অৰ্জুন কাপুৰৰ লগত বিয়া হোৱা খবৰ খণ্ডন কৰে ৷মলাইকাই সংবাদ মাধ্যমৰ সন্মুখত কয় যে এই খবৰ সমূহ সত্য নহয় ৷ উল্লেখযোগ্য যে প্ৰায় আৰব্বাজ খানৰ লগত বিবাহ বিচ্ছেদ কৰাৰ পিছত মলাইকা আৰোৰা আৰু অৰ্জুন কাপুৰৰ সম্পৰ্কৰ চৰ্চা লাভ কৰিছিল ৷ ৪৫ বছৰীয়া মলাইকা আৰোৰা আৰু অৰ্জুন কাপুৰে আজি কিছুদিনৰ আগতে মালদ্বীপত একেলগে সময় কটাই আহিছে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story
চাকৰি