শোণিতপুৰৰ চাৰিদুৱাৰৰ অসম অৰুনাচল সীমান্তবৰ্তী বাৰমাইলত অঘটন। বনৰীয়া হাতী খেদিবলৈ ব্যৱহাৰ কৰা অবৈধ্য বৈদ্যুতিক ঝটকা তাৰত লাগি মৃত্যু হয় এজন বনৰক্ষীৰ।বনৰক্ষীজনৰ নাম বীৰেনচন্দ্ৰ ডেকা।বনৰক্ষী বীৰেনচন্দ্ৰ ডেকাৰ ঘৰ মঙ্গলদৈৰ বুলি জানিব পৰা গৈছে।জানিবপৰামতে বনৰক্ষী বীৰেনচন্দ্ৰ ডেকাই বিভাগীয় কামকাজৰ বাবে নামেৰীবনবিভাগৰ কাৰ্য্যালয়লৈ অাহি নিশা বাৰমাইলৰ শিবিৰলৈ উভতি যোৱাৰ পথতে গাওবাসীয়ে অবৈধ্যভাবে লগোৱা বৈদ্যুতিক তাৰত লাগি মৃত্যু ঘটে বনৰক্ষী বীৰেনচন্দ্ৰ ডেকাৰ।ইতিমধ্যে বনবিভাগৰ ফালৰ পৰা উক্ত ঘটনাৰ বাবে চাৰিদুৱাৰ অাৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।
শোণিতপুৰৰ অসম অৰুনাচল সীমান্তত অবৈধ্য বৈদ্যুতিক তাৰত লাগি মৃত্যু বনৰক্ষীৰ

Next Story