Begin typing your search above and press return to search.

শোণিতপুৰৰ বৰঘাতত বিধ্বংসী অগ্নিকাণ্ড

শোণিতপুৰৰ বৰঘাতত বিধ্বংসী অগ্নিকাণ্ড

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Aug 2018 10:53 AM GMT

শোণিতপুৰ জিলাৰ বৰঘাতত যোৱা ৰাতি এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় ।জানিব পৰা মতে ৰাতি প্ৰায় ১১.১০মানত এই অগ্নিকাণ্ড সংঘটিত হয় । জুইত জাহ গৈছে ৬০ লক্ষাধিক টকাৰ সা-সম্পত্তি । স্থানীয় লোকে সন্দেহ কৰা মতে শ্বৰ্ট চাৰ্কিটৰ ফলতেই সংঘটিত হয় এই ভয়াবহ অগ্নিকাণ্ড । এই অগ্নিকাণ্ডত মুঠ ১১খনকৈ দোকান সম্পূৰ্ণৰূপে ভষ্মীভূত হোৱাৰ লগতে বিনষ্ট হয় দোকানৰ বহুমূল্য টকাৰ সা-সামগ্ৰী। ভষ্মীভূত দোকানসমূহৰ ভিতৰত আছিল-ফাৰ্মাচী,ম'বাইল দোকান ২খন,হোটেল ১খন,কাপোৰ দোকান ২খন,চাইকেল দোকান ১খন,বাকীখিনি ষ্টেচনাৰী দোকান আছিল । অৱশেষত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে ।

Next Story